ETV Bharat / state

Dergaon youth suicide : অজয় দত্তৰ পৰিয়ালক আৰ্থিক সাহায্যৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 9:00 PM IST

দেৰগাঁৱৰ অজয় দত্তৰ বাসগৃহত জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহ । অসম আৰক্ষীক তীব্ৰ সমালোচনা নেতাগৰাকীৰ । ভুক্তভোগী পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদানৰ দাবী ।

Dergaon youth suicide
অজয় দত্তৰ পৰিয়ালক আৰ্থিক সাহায্যৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

যোৰহাট,২৮ অক্টোবৰ : আৰক্ষী শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ পথ বাছি লোৱা অজয় দত্তৰ পৰিয়ালৰ কাষত থিয় দিছে বিভিন্ন দল-সংগঠনৰ নেতা । জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহেও শনিবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে । সমগ্ৰ ঘটনাটোক গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰে ।

কৃষক নেতাগৰাকীৰ মতে নিৰ্দোষী অজয় দত্তৰ লগত সেই সময়ত কি হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত আছে । সেই ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীক দাবী জনাই কৃষক নেতাগৰাকীয়ে । যদি আৰক্ষীত হাতত কোনো প্ৰমাণ নাই তেতিয়া সেই সময়ৰ ঘটনাস্থলীত ফটো জীপাল কৃষক শ্ৰমিক সংঘই যোগান ধৰিব বুলিও তেওঁ দাবী কৰে । আৰক্ষীয়ে কাক ৰক্ষণাৱেক্ষণ দিছে সেয়া ৰাজহুৱা কৰিবলৈও তেওঁ দাবী জনায় । নেতাগৰাকীয়ে দাবী কৰা মতে দুজন লোকৰ কাজিয়া ভাঙিবলৈ গৈছিল অজয় দত্ত নামৰ যুৱকজন । সেয়াই তেওঁৰ ভুল হ'ল । যি দুজনে কাজিয়াত লিপ্ত হৈছে তেওঁলোক এতিয়া মুকলি আকাশৰ তলত । সেয়ে সেই সকলক শীঘ্ৰে চিনাক্ত কৰি তদন্তৰ আওতালৈ আনিব লাগে বুলিও দাবী জনাই কৃষক নেতা সোণেশ্বৰ নৰহে ।

সমান্তৰালকৈ অজয় দত্তৰ পৰিয়ালটোক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী জনাই কৃষক নেতাগৰাকীয়ে । লগতে ক্ষতিপূৰণ আৰু পৰিয়ালটোৰ সদস্যক সংস্থাপন দিয়াৰো দাবী জনাই কৃষক নেতা সোণেশ্বৰ নৰহে ।

উল্লেখ্য যে দেৰগাঁৱৰ অজয় দত্তৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে অসমৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক :Dergaon Suicide Case : মৃত পুত্ৰৰ ন্যায় বিচাৰি থানাত ৰুগীয়া মাতৃ হিয়া ভগা কান্দোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.