ETV Bharat / state

Jannayak Deveshwar Sharma Memorial Day: জননায়ক দেৱেশ্বৰ শৰ্মাৰ স্মৃতি দিৱসত নেইষ্টৰ সঞ্চালকক সম্বৰ্ধনা - দেৱেশ্বৰ শৰ্মাৰ ৩০ তম মৃত্যু বাৰ্ষিকী

জননায়ক দেৱেশ্বৰ শৰ্মাৰ স্মৃতি দিৱস উদযাপন । নেইষ্টৰ সঞ্চালকক ৰাজহুৱা সম্বৰ্ধনা ।

Jannayak Deveshwar Sharma Memorial Day in Jorhat
দেৱেশ্বৰ শৰ্মাৰ ৩০ তম মৃত্যু বাৰ্ষিকী
author img

By

Published : Aug 2, 2023, 1:23 PM IST

যোৰহাট, ২ আগষ্ট: আধুনিক যোৰহাটৰ অন্যতম নিৰ্মাতা জননায়ক দেৱেশ্বৰ শৰ্মাৰ ৩০ তম মৃত্যু বাৰ্ষিকী সামাজিক অনুষ্ঠান সাহসৰ উদ্যোগত যোৰহাটৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত পালন কৰা হয় । সভাৰ আৰম্ভণিতে পৰিয়ালবৰ্গৰ হৈ দেৱেশ্বৰ শৰ্মাৰ তৃতীয় প্ৰজন্মৰ প্ৰতিনিধি তথা নাতি, বিশিষ্ট উদ্যোগপতি সুব্ৰত শৰ্মাই জননায়ক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ পাছতেই সাহসৰ প্ৰচেষ্টাক কৃতজ্ঞতা জ্ঞাপন কৰে । ভৱিষ্যতৰ দিনত জননায়কৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত কি কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত সাহসৰ বিষয়ববীয়া সকলক তেওঁ ব্যৱস্থা গ্ৰহণৰ আবে আহ্বান জনায় ।

Jannayak Deveshwar Sharma Memorial Day in Jorhat
দেৱেশ্বৰ শৰ্মাৰ ৩০ তম মৃত্যু বাৰ্ষিকী

সাহসৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইয়ে যৌথ সঞ্চালনা কৰা সভাখনৰ আৰম্ভণিতে সভাৰ দৃষ্টিভংগী ব্যাখ্যা কৰি বিজয় শংকৰ বৰদলৈয়ে কয় যে, ২০২৩ চনৰ ৫ জানুৱাৰীত যোৰহাটত সামাজিক অনুষ্ঠান সাহসে জন্মলাভ কৰিছিল । পূৰ্বজ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰা, আৰ্তজনক সহায় কৰা আৰু ক্ৰীড়া ফেল'শ্বিপ প্ৰদান কৰা, জাতীয় কৃষ্টি-সংস্কৃতিৰ ধ্বজ্জা অটুট ৰখাত সাহসে বিগত দিনত কাম কৰি আহিছে । অসমৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰ, শিক্ষানগৰী বুলি যোৰহাটক অভিহিত কৰা হয় । কাৰণ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি প্ৰায় সকলোবোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, নেইষ্ট আদি যোৰহাটত আছে । ইয়াৰে প্ৰায়কেইটা অনুষ্ঠানেই জননায়ক দেৱেশ্বৰ শৰ্মাৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত যোৰহাটত প্ৰতিষ্ঠা হৈছিল ।

উক্ত সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ড৹ সৌমিত্ৰ পূজাৰীয়ে জননায়ক দেৱেশ্বৰ শৰ্মাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে । ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছত থাকিও অসম আৰু অসমীয়াক হৃদয়ৰ পৰা ভাল পোৱা এজন অন্যতম জাতীয়তাবাদী বুলি জননায়কক অভিহিত কৰি পূজাৰীয়ে কয়, "তেওঁ উন্নয়ন-প্ৰগতিৰ ৰাজনীতি কৰিছিল । ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা অসম আন্দোলন পৰ্যন্ত তেওঁৰ ভূমিকা অপৰিসীম আছিল । অসমৰ জাতীয় জীৱনক তেওঁ সবল নেতৃত্ব প্ৰদান কৰিছিল ।

যোৰহাটস্থিত নেইষ্টৰ চৌহদত জননায়ক দেৱেশ্বৰ শৰ্মাদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰাত অগ্ৰণী ভূমিকা পালনৰ বাবে যোৰহাটবাসীৰ তৰফৰ পৰা স্বীকৃতিৰ চিন স্বৰূপে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰীক এই সভাতেই এখনি প্ৰশংসা পত্ৰ, এখনি প্ৰতিচ্ছবি, এটা স্মাৰক, এখনি ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু এখনি সঁফুৰাৰে সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানটোত সঞ্চালক গৰাকীক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, আজু, যোৰহাট জিলা সমিতি, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি, সান্নিধ্য-৯৫, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আদি অনুষ্ঠানেও কৃতজ্ঞতাৰ চিন স্বৰূপে সম্বৰ্ধনা প্ৰদান কৰে ।

ভাটনাগৰ বঁটাপ্ৰাপ্ত প্ৰতিষ্ঠানটোৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে জননায়ক দেৱেশ্বৰ শৰ্মা আৰু গোপীনাথ বৰদলৈৰ কৰ্মৰাজীয়ে তেওঁক সদায়েই প্ৰভাৱিত কৰি আহিছে । যোৰহাটৰ দৰে এখন ঠাইত এটা চিএছআইআৰ গৱেষণাগাৰ উনবিংশ শতিকাত স্থাপন কৰাটো অত্যন্ত সুদূৰ প্ৰসাৰী চিন্তা আছিল । সাহসে এনেধৰণৰ অনুষ্ঠান আয়োজিত কৰি যোৰহাটৰ মহান সন্তান গৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে অনুষ্ঠানটোক ভূয়সী প্ৰশংসা কৰে । শাস্ত্ৰীয়ে লগতে কয়, "জননায়ক দেৱেশ্বৰ শর্মাৰ কৰ্মজীৱনী গুগ'লত বিস্তৃত ৰূপত প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এয়া ভৱিষ্যতৰ গৱেষণাৰ সমল হিচাপে অত্যন্ত ফচলদায়ক হ'ব ।"

সমজুৱা বক্তব্যত জননায়কৰ সান্নিধ্য সুঁৱৰি হেমন্ত কলিতাই কয়, "জননায়কৰ আধুনিক মন, পৰিৱৰ্তনকামী চিন্তাই অসমবাসীক কেৱল প্ৰভাম্বিত কৰাই নহয়, লাভাম্বিতও কৰিছিল ।" অসম প্ৰকাশন পৰিষদ স্থাপন কৰাত তেওঁৰ ভূমিকা কলিতাই নিজ বক্তব্যত স্মৰণ কৰে । লগতে কলিতাই কয় , "জননায়কৰ মৃত্যু হোৱাৰ পৰা পৰৱৰ্তী ৫ দিন পৰ্যন্ত যোৰহাটত কোনোধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত হোৱা নাছিল । "

উক্ত সভাখনত অসম সেনাৰ মুখ্য আহ্বায়ক অৰূপ পূজাৰীয়ে পূৰ্বৰ জননায়ক দেৱেশ্বৰ শৰ্মা অসামৰিক চিকিৎসালয়খন যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নীতকৰণ হোৱাৰ পাছত জননায়কৰ নামটো আঁতৰি যোৱাত আক্ষেপ প্ৰকাশ কৰি কয়, "যোৰহাট চিকিৎসা মহাবিদ্যালয়খনি পুনৰ জননায়কৰ নামত নামাকৰণৰ বাবে ঐক্যবদ্ধভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে ।"

সভাত সভাপতি দিগন্ত বুঢ়াগোহাঁইয়ে কয়, "নতুন প্ৰজন্মৰ এচাম যুৱক-যুৱতীৰ নেতৃত্বত গঠন হোৱা যোৰহাটৰ সামাজিক অনুষ্ঠান সাহসে নিজৰ পূৰ্বজ সকলক স্মৰণ কৰা এই পদক্ষেপ অত্যন্ত প্ৰশংসনীয় ।" সভাখনত যোৰহাটৰ বিভিন্ন সচেতন নাগৰিক, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনকে ধৰি শতাধিক ব্যক্তি উপস্থিত থাকে ।

INDIA to Meet President: মণিপুৰ বিষয়ত আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ইণ্ডিয়াৰ নেতাসকলে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.