ETV Bharat / state

Indigo flight landing gear gets into mud: উৰণৰ সময়ত বোকাত সোমাল ইণ্ডিগ’ বিমানৰ চকা

author img

By

Published : Jul 28, 2022, 8:18 PM IST

যোৰহাট বিমান কোঠত অঘটন ৷ এইবাৰ উৰণৰ সময়ত বোকাত সোমাল ইণ্ডিগ’ যাত্ৰীবাহী বিমান (Indigo flight landing gear gets into mud during take off) ৷ বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ কৰিব পৰা নাই বিমানখনত আবদ্ধ হৈ থকা যাত্ৰীসকলক ৷

উৰণৰ সময়ত বোকাত সোমাল ইণ্ডিগ’ যাত্ৰীবাহী বিমান

যোৰহাট, 28 জুলাই : শেহতীয়াকৈ আহি পৰিছে এক ভয়ংকৰ খবৰ ৷ উৰণৰ সময়তে ৰৰৈয়া বিমান বন্দৰত ৰানৱেৰ পৰা পিছলি বোকাত সোমাল ইণ্ডিগ’ যাত্ৰীবাহী বিমান (Indigo flight landing gear gets into mud during take off)৷ জানিব পৰা মতে, যোৰহাটৰ পৰা কলকাতা অভিমুখী আছিল যাত্ৰীবাহী ইণ্ডিগ' বিমানখন ৷

তথ্য অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া 2 বাজি 20 মিনিটত কলকাতা অভিমুখে যাবলগীয়া 6F 757 নম্বৰৰ বিমানখন উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেৰ পৰা গৈ বিমানৰ চকা বোকাত সোমাই পৰে ৷ যাৰ ফলত বন্ধ হৈ পৰে বিমানখনৰ ইঞ্জিন ৷ বিমানখনত কেইবাগৰাকীও যাত্ৰী আছে বুলি জানিব পৰা গৈছে ৷

বাতৰি যুগুত কৰা পৰলৈকে বিমানখনৰ পৰা উলিয়াব পৰা নাই যাত্ৰী । ফলত যাত্ৰীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

সবিশেষ পৰৱৰ্তী বাতৰিত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.