মৰিয়নী, 14 জুলাই : সেউজ প্ৰাধিকৰণৰ নিদেৰ্শক অৱমাননা কৰি মৰিয়নীত অব্যাহত আছে অবৈধ বালিৰ ৰমৰমীয়া বেহা ৷ খণ্ড বন বিষয়াৰ অভিযানত জব্দ অবৈধ বালি ভৰ্ত্তি ডাম্পাৰ । ডি এফ অ' নন্দ কুমাৰে অভিযান চলাই জব্দ কৰে ডাম্পাৰখন । উল্লেখ্য যে, 2016 চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে মৰিয়নী হোলোঙাপাৰ গিবন বন্য প্ৰানী অভয়াৰণ্যৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্যখনৰ কাষেৰে বৈ যোৱা ভোগদৈ নৈৰ তিনিটা বালি মহল ক্ৰমে পুখুৰিয়া, কাটনিবাৰি আৰু কঠালগুৰি বালি মহল আবণ্টন দিয়াত নিষেধাজ্ঞা জাৰি কৰিছিল ।
যাৰ পৰিপ্ৰেক্ষিতত 2016 চনৰ পৰা 2021 চনলৈকে ছয় বছৰ ভোগদৈ নৈৰ এই তিনিটা বালি মহল সৰ্ম্পূণৰূপে বন্ধ হৈ আছিল । কিন্তু শেহতীয়াকৈ সেউজ প্ৰাধিকৰণৰ এই নিষেধাজ্ঞাক ভৰিৰে মোহাৰি ৰাজ্যৰ বন বিভাগে ভোগদৈ নৈৰ কঠালগুৰি ঘাটৰ এক কিলোমিটাৰ এলেকাত চাৰকাৰী কামত ব্যৱহাৰৰ বাবে তিনিটাকৈ বালি মহল আবন্টন দিছিল । কিন্তু যোৰহাট জিলা বন প্ৰাধিকৰণৰ অন্তৰ্গত তথা মৰিয়নী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন ভোগদৈ নৈৰ এই বৈধ বালি মহলৰ আঁৰত অবৈধভাৱে লাখ লাখ টকাৰ বালি সৰবৰাহ হৈ আহিছে বুলি জানিবলৈ পৰা গৈছে ।
কিছুদিন পূৰ্বে কঠালগুৰি 1নং ঘাটৰ পৰা টি পি নকটাকৈ বালি সৰবৰাহ কৰা তিনিখন বালি ভৰ্ত্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ডি এফ অ’ নন্দ কুমাৰে । শুকুৰবাৰেও সংশ্লিষ্ট ডি এফ অ’ গৰাকীয়ে অকস্মাতে চলোৱা এক অভিযানত 2 নং কঠালগুৰি ঘাটৰ পৰা টি পি নকটাকৈ বালি সৰবৰাহ কৰা এ এছ 05 এচি 3247 নম্বৰৰ এখন দহ চকীয়া ডাম্পাৰ গাড়ী জব্দ কৰে । ঘটনা সন্দৰ্ভত ডি এফ অ’ গৰাকীয়ে অব্যাহত ৰাখিছে সোধ-পোচ ৷
লগতে পঢ়ক : Erosion in Bongaigaon : মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি