টীয়ক,10 আগষ্টঃ টীয়কৰ কেইজনমান যুৱক সমবেত হৈ টীয়কৰ অতি দৰিদ্ৰ পৰিয়াল এটাৰ জৰাজীৰ্ণ বাসগৃহ পুনৰ মেৰামতিৰ ব্যৱস্থা কৰিছে ৷ টীয়কৰ ভগামুখ চাৰিঙীয়াৰ পৱন শৰ্মা নামৰ দৰিদ্ৰ ব্যক্তি গৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ কোনো কামেই কৰিব নোৱাৰা হৈ পৰে ৷ পত্নীৰে সৈতে নিসন্তান দম্পতিয়ে এটা জৰাজীৰ্ণ ঘৰতে দুৰ্বিসহ জীৱন-যাপন কৰি আছিল ৷ এই দুখৰীয়া ছবিখন দেখি সহিব নোৱাৰি যুৱককেইজনে তেওঁলোকৰ ঘৰটো মেৰামতি কৰি দিয়াৰ সিদ্ধান্ত লয় ৷
যুৱককেইজনে কিছু দান-বৰঙণিৰ লগতে নিজৰ জেপৰ ধন খৰচ কৰি নিৰ্মাণ কৰি দিছে পৱন শৰ্মাৰ ঘৰটো ৷ টীয়কৰ ভগামুখ অঞ্চলৰ এই সকল যুৱকৰ এনে মানৱীয় পদক্ষেপ সঁচাই প্ৰশংসনীয় ৷ তেওঁলোকৰ এনে কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ বাবে যুৱককেইজনে ধন্যবাদ জ্ঞাপন কৰে যোৰহাট জিলাৰ অগপৰ সম্পাদক বিকাশ শইকীয়া, জিলা পৰিষদৰ সদস্য, ভগামুখ পঞ্চায়তৰ সভানেত্ৰী, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীকে ধৰি বহু শুভাকাংক্ষীক ৷ লগতে চৰকাৰী সা-সুবিধালৈ বাট নাচাই সাধ্য অনুসৰি আৰ্তসকলক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছে যুৱককেইজনে ৷