ETV Bharat / state

Medicine scam at Jorhat Air Force Hospital: জালিয়াতিৰে ৭৯ লাখ টকা আত্মসাৎ যোৰহাট বায়ুসেনাৰ কৰ্মচাৰী দম্পতীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 6:02 PM IST

ৰৰৈয়াস্থিত বায়ু সেনা চিকিৎসালয়ত প্ৰায় ৭৯ লাখ টকাৰ ঔষধ কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত আটক দম্পতী ৷ ধৃত দম্পতিটো যোৰহাট বায়ুসেনাৰ কৰ্মচাৰী অৰুণ দে' আৰু তেওঁৰ পত্নী জুপিতৰা কলিতা বুলি চিনাক্ত ৷ চিকিৎসালয়খনৰ বিলিং শাখাৰ কৰ্মচাৰী জুপিতৰা কলিতাই স্বামী অৰুণ দে'ৰ লগ লাগি বিভিন্ন নথি-পত্র জালিয়াতি কৰি এই কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ।

Medicine scam at Jorhat Air Force Hospital
যোৰহাট বায়ুসেনাৰ কৰ্মচাৰী দম্পতীক গ্ৰেপ্তাৰ

যোৰহাট, ২৫ ছেপ্টেম্বৰ: যোৰহাটৰ ৰৰৈয়াত অৱস্থিত বায়ু সেনা চিকিৎসালয়ত প্ৰায় ৭৯ লাখ টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চিকিৎসালয়খনৰ এক কৰ্মচাৰী দম্পতীক দেওবাৰে সন্ধিয়া যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত কৰ্মচাৰী দুজন অৰুণ দে' আৰু তেওঁৰ পত্নী জুপিতৰা কলিতা বুলি জানিব পৰা হৈছে ।

জিলাখনৰ আৰক্ষী শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, বায়ুসেনা চিকিৎসালয়খনৰ বিলিং শাখাৰ কৰ্মচাৰী জুপিতৰা কলিতাই ঔষধ সম্পর্কীয় লেনদেন সম্পন্ন কৰে । চিকিৎসালয়খনত কৰ্মৰত স্বামী অৰুণ দে'ৰ লগ লাগি জুপিতৰা কলিতাই জালিয়াতিৰে চিমেন হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে যোগান ধৰা ঔধষৰ বাবদ আদায় দিবলগীয়া প্রায় ৭৯ লাখ টকা উক্ত প্রতিষ্ঠানটোৰ বেংক একাউণ্টৰ পৰিৱৰ্তে জে প্ৰকাশ গুপ্তা নামৰ আন এখন ফাৰ্মৰ একাউন্টলৈ ট্ৰান্সফাৰ কৰে । ইয়াৰ বিনিময়ত অৰুণ দে' আৰু জুপিতৰা কলিতাই জে প্রকাশ গুপ্তাৰ পৰা সিংহভাগ ধন আদায় কৰে ৷

জুপিতৰা কলিতা আৰু অৰুণ দে'ই বিভিন্ন নথি-পত্র জালিয়াতি কৰি এই কেলেংকাৰী সংঘটিত কৰে । পৰৱৰ্তী সময়ত এই কেলেংকাৰী পোহৰলৈ অহাত বায়ু সেনা চিকিৎসালয়ৰ কৰ্তৃপক্ষই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪১৯, ৪২০, ৪০৬, ৪৬৮, ৪৭১ ধাৰাৰ অধীনত ৪৩৫ / ২৩ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰা হয় ।

ইতিমধ্যে জুপিতৰা কলিতা আৰু তেওঁৰ স্বামীৰ আত্মীয়ৰ একাউণ্টৰ পৰা লক্ষাধিক টকা উদ্ধাৰ কৰা হৈছে । এই গোচৰত দেওবাৰে সন্ধিয়া আৰক্ষীয়ে অৰুণ দে' আৰু জুপিতৰা কলিতাক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি দুয়োকে যোৰহাট সদৰ থানাত জেৰা কৰি থকা হৈছে ।

লগতে পঢ়ক: Scam in Anganwadi Centre : অংগনৱাড়ী কেন্দ্ৰত কৰ্মী-সহায়িকাই খাইছে শিশুৰ পুষ্টিকৰ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.