যোৰহাট,23 মাৰ্চ: 102 নং টীয়ক বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভাষণ প্ৰসংগত টীয়ক সমষ্টিত ৰৈ যোৱা উন্নয়নসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ সমষ্টিবাসীক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।
নিৰ্বাচনী সভাখনতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক কেন্দ্ৰ কৰি কলাক্ষেত্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্তই । টীয়কৰ গ্ৰাম্য চিকিৎসালয়ক 100 খন বিচনাযুক্ত চিকিৎসালয় আৰু ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে 5 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ ঘোষণাও কৰে মন্ত্ৰী শৰ্মাই ।
মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ঋণগ্ৰস্ত মহিলাসকলৰ সকলো ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰ পৰা কোনো মহিলাই মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নালাগে ৷ বিজেপিৰ চৰকাৰ আহিলে সেই ঋণ চৰকাৰে পৰিশোধ কৰিব । প্ৰায় চাৰি সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত আজমল আৰু কংগ্ৰেছৰ মিত্ৰতাকো কঠোৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : ৰঙিয়াত ভোটদানক লৈ সজাগ নৱপ্ৰজন্ম