ETV Bharat / state

Mariani Errosion: উটি গ’ল ৰেলৱেৰ সুৰক্ষা কৱচ; তিনিচুকীয়াৰে ৰে’ল সেৱা বন্ধ হোৱাৰ আশংকা - ভোগদৈ নদী

ভোগদৈ নদীৰ প্ৰৱল সোঁতে উটুৱাই নিলে ৰেলৱে বান্ধৰ সুৰক্ষা কৱচ । উজনি আৰু নামনিৰ ৰেল সেৱা বন্ধ হোৱাৰ আশংকাত ভুগিছে সাধাৰণ লোক ।

Mariani Errosion
উটি গ’ল ৰেলৱেৰ সুৰক্ষা কৱচ
author img

By

Published : Jun 20, 2023, 1:51 PM IST

উটি গ’ল ৰেলৱেৰ সুৰক্ষা কৱচ

যোৰহাট, 20 জুন : যোৰহাটৰ মৰিয়নিৰ ভোগদৈ নদীৰ প্ৰৱল সোঁতে উটুৱাই নিলে মৰিয়নি সুৰক্ষা কৱচৰ এটা বান্ধ । এখন ৰে’লৱে দলঙৰ সুৰক্ষাৰ বাবে ভোগদৈ নৈত দুমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল বান্ধটো । কিন্তু নগা পাহাৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে ফেনে ফুটুকাৰে অহা ভোগদৈ নৈৰ প্ৰৱল সোঁতে উটুৱাই লৈ যায় বান্ধৰ দুয়োমূৰ । কিন্ত মংগলবাৰে পুৱাৰ ভাগত সম্পূৰ্ণ বান্ধটো উটুৱাই নিয়াত ভোগদৈ নদীত থকা উত্তৰ পূৱ সীমান্তৰ ৰে’লৱে দলঙলৈ চৰম ভাবুকিৰ সৃষ্টি অহা পৰিলক্ষিত হৈছে ।

বান্ধটো উটুৱাই নিয়াত যিকোনো মুহূৰ্ততে মৰিয়নি, তিনিচুকীয়া ৰেলৰ যাতায়ত বন্ধ হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে । তাৎপৰ্যপূৰ্ণ যে ৰে’লৱে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভোগদৈ নৈৰ দুয়োকাষে সুৰক্ষা কৱচ স্বৰূপ বান্ধ নিৰ্মাণ কৰাৰ হৈছিল যদিও সুৰক্ষা কৱচৰ কাম নিম্ন মানদণ্ডৰ হোৱা বাবে আজি দুয়োটা মূৰ ভোগদৈ বাঢ়নী পানীৰ সোঁতে সম্পূৰ্ণ ৰূপে খহাই নিয়ে । কাৰণ বিগত কেবাদিন ধৰি কাষৰীয়া ৰাজ্য নাগালেণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে মঙলবাৰৰ দিনটোত বৃদ্ধি পাইছে ভোগদৈ নৈৰ জলস্তৰ ।

উল্লেখনীয় বিষয় যে, বিগত বাৰিষাৰ কালছোৱাত ভোগদৈ নদীত পানী নাছিল ফলত ভোগদৈ নৈখনক জীয়াই তোলাৰ বাবে সৰ্বত্ৰে দাবী উঠা পৰিলক্ষিত হৈছে । আনহাতে সুৰক্ষা কৱচ খহি যোৱাৰ লগে লগে অনিদিষ্ট কালৰ বাবে মৰিয়নি আৰু তিনিচুকীয়া অৰ্থাৎ উজনি আৰু নামনিৰ মাজত দূৰণিবটীয়া ৰে’ল সেৱা সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.