তিতাবৰ, 20 মে' : তিতাবৰৰ বৰহোলাত পোহৰলৈ আহিছে ডাইনী সন্দেহত হত্যাৰ অপচেষ্ট চলোৱা এক চাঞ্চল্যকৰ ঘটনা ৷ ভণ্ড তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰি নিজ আইতাকক হত্যা কৰিবলৈ গৈ অৱশেষত আৰক্ষীৰ হাতত আটকাধীন হৈছে নাতিনীয়েক। বৰহোলাৰ নপাম অঞ্চলৰ ফিৰোন তপ্ন নামৰ যুৱকজনে বুধবাৰে নিশা সমিপতে থকা আইতাকৰ ঘৰত উপস্থিত হৈ আইতাক প্ৰমীলা কান্দোলনাক হত্যাৰ চেষ্টা চলায় ।
কিন্তু প্ৰমীলা কান্দোলনাই কোনো মতে প্ৰাণ বচাই নিশা আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰে । আক্ৰমণকাৰী ফিৰোনৰ অভিযোগ মতে আইতাক প্ৰমীলাই কৰা তন্ত্ৰ মন্ত্ৰৰ ফলতেই পত্নীয়ে এৰি থৈ গৈছে ফিৰোন তপ্ন নামৰ যুৱকজনক ৷ ধনীৰাম গড়ৰ নামৰ স্থানীয় এজন ভণ্ড তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰিয়েই আইতাকক হত্যাৰ চেষ্টা চলাইছিল বুলি স্বীকাৰ কৰিছে ফিৰোনে ।
ইফালে ঘটনা সন্দৰ্ভত প্ৰমীলা কান্দোলনাই পুৱাই বৰহোলা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । লগে লগে স্থানীয় ৰাইজৰ সহযোগত বৰহোলা আৰক্ষীয়ে অভিযুক্ত ফিৰোন আৰু তান্ত্ৰিক ধনীৰাম গড়ক আটক কৰিছে ৷
উল্লেখ্য যে, অভিযুক্ত ফিৰোনে তান্ত্ৰিক ধনীৰাম গড়ৰ পৰামৰ্শ মতেই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে যদিও তান্ত্ৰিক ধনীৰামে বিষয়টো অস্বীকাৰ কৰিছে। সম্প্ৰতি বৰহোলা আৰক্ষীয়ে এই বিষয়ত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?