ETV Bharat / state

চৰকাৰী এল ই ডি বাল্ব জব্দ - ETV BHARAT

শক্তিমন্ত্ৰী তপন গগৈৰ যোৰহাট লোকসভা সমষ্টিত জব্দ কৰা হৈছে চৰকাৰী এল ই ডি বাল্ব ৷ যোৰহাট জিলা যুৱ ছাত্র পৰিষদৰ কৰ্মকতাই যোৰহাট বিদ্যুৎ ভৱনত প্ৰায় ৯৫০ কাৰ্টন এল ই ডি বাল্বভৰ্তি ট্ৰাক এখন জব্দ কৰে ৷ নিৰ্বাচনী উপলক্ষে ৰাজ্য চৰকাৰৰ কোনোধৰনৰ আঁচনিৰ সামগ্ৰী হিতাধীকাৰীৰ মাজত বিতৰণ কৰাত বাধা আৰোপ কৰা হৈছিল ৷

GOVT. LED BULB SEIZED
author img

By

Published : Mar 29, 2019, 9:51 PM IST

যোৰহাট, 29 মাৰ্চ: শক্তিমন্ত্ৰী তপন গগৈৰ বিভাগৰ অন্তৰ্গত সৌভাগ্য আঁচনিৰ জৰিয়তে বিতৰণ কৰা চৰকাৰী এল ই ডি বাল্ব জব্দ কৰা হয় যোৰহাটত । নিৰ্বাচনী উপলক্ষে সমগ্র ৰাজ্যতে অধিসূচনা জাৰি হোৱাৰ ফলত ৰাজ্য চৰকাৰৰ কোনোধৰণৰ আঁচনিৰ সামগ্ৰী হিতাধীকাৰীৰ মাজত বিতৰণ কৰাত বাধা আৰোপ কৰা হৈছিল ৷ কিন্তু সেই সময়তে শুকুৰবাৰে তপন গগৈৰ যোৰহাট লোকসভা সমষ্টিতে যোৰহাট জিলা যুৱ ছাত্র পৰিষদৰ কৰ্মকতাই প্ৰায় ৯৫০ কাৰ্টন এল ই ডি বাল্বভৰ্তি ট্ৰাক এখন জব্দ কৰে ৷ যোৰহাট বিদ্যুৎ ভৱনত MP 07 HB 5091 নম্বৰ প্লেটৰ ট্ৰাকত উদ্ধাৰ হোৱা বাল্বসমূহ ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে জব্দ কৰিছে ।

GOVT. LED BULB SEIZED

যোৰহাট জিলা দণ্ডাধীশে জনোৱা মতে, নিৰ্বাচনী অধিসূচনা বিধিগতভাৱে যতি পৰাৰ পাছতহে বাল্বসমূহ বিতৰণকৰিব পাৰিব ।নিৰ্বাচনৰ সময়ত এনেদৰে চৰকাৰী আঁচনিৰ সামগ্ৰী জব্দ হোৱাৰ ফলত সমগ্ৰ যোৰহাটতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চৰকাৰী এল ই ডি ব্লাভ জব্দ।।

ৰাজ্য চৰকাৰে বহু আচনীৰ জড়িয়তে দৰিদ্ৰ জনতাৰ উপকাৰ সাধন কৰি আহিছে।বিভিন্ন আচনি সমূহৰ ভিতৰত চৰকাৰী এল ই ডি ব্লাভ বিতৰণ কৰি আহিছিল।ইতিমধ্যে শক্তি মন্ত্ৰী তপন গগৈয়ে ইয়াৰ বিষয়ে etv Bharat ৰে হোৱা বিশেষ কথোপকথন ত উল্লেখ কৰিছিল।বৰ্তমানৰ সময়ত যিহেতু শক্তি মন্ত্ৰী তপন গগৈয়ে যোৰহাট লোক সভা সমষ্টিৰ পৰা বিজেপি আৰু মিত্ৰযোতৰ দলৰ হৈ মনোনীত প্ৰাৰ্থী হিচাপে অৰ্বত্তীন হৈছে আৰু সমগ্র ৰাজ্যতে নিৰ্বাচনী অধীসুচনা জাৰি হোৱাৰ ফলত ৰাজ্য চৰকাৰৰ কোনোধৰনৰ আচনীৰ সামগ্ৰী হিতাধীকাৰীৰ মাজত বিতৰণ কৰিব নোৱাৰে তেনে সময়ত যোৰহাটৰ বিদ্যুৎ ভৱনত প্ৰায় ৯৫০ কাৰ্টন এল ই ডি ব্লাভ ভৰ্তি MP 07 HB 5091 মধ্যপ্ৰদেশৰ পৰা অহা ট্ৰাকৰ সৈতে জব্দ কৰে যোৰহাট জিলাৰ যূৱ ছাত্র পৰিষদৰ কৰ্মকতাই।ইতিমধ্যে যোৰহাটৰ জিলা প্ৰশাসনে ট্ৰাকৰ সৈতে ব্লাভ সমূহ জব্দ কৰে।যোৰহাট জিলাৰ দন্ডাশীক্ষে জনোৱা মতে যিহেতু নিৰ্বাচনৰ অধীসুচনাৰ বাবে চৰকাৰী আচনিৰ কোনো সামগ্ৰী হিতাধীকাৰীৰ মাজত বিতৰণ কৰিব নোৱাৰে, নিৰ্বাচনৰ শেষত তথা নিৰ্বাচনী আধীসুচনা বিধিগত ভাৱে যতি পৰাৰ পাছত হে বিতৰন কৰিব পাৰিব।
নিৰ্বাচনৰ সময়ত এনেদৰে চৰকাৰী আচনিৰ সামগ্ৰী জব্দ কৰাৰ ফলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যোৰহাটত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.