যোৰহাট,21 ফেব্ৰুৱাৰীঃ আন দিনাতকৈ বহুপৰিমাণে পৰিষ্কাৰ দেখা গ’ল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল । ৰাজ্যপালৰ আকষ্মিক পৰিদৰ্শনৰ ফলত এই পৰিৱৰ্তন পৰিলক্ষিত হ'ল চিকিৎসালয়খনত । শুকুৰবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কেইবাটাও বিসংগতি ধৰা পেলায় । ৰাজ্যপালগৰাকীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ে ৷
ৰাজ্যপালগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ বিংসগতি সম্পৰ্কে অধ্যক্ষক অৱগত কৰাৰ লগতে 15 দিনৰ ভিতৰত বিসংগতিসমূহ দুৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে,ৰোগীৰ অভিভাৱকসকলৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৰাজ্যপালগৰাকীয়ে । ইয়াৰোপৰি ৰোগীক সাক্ষাতৰ বাবে সময় নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে । চিকিৎসা মহাবিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ অধ্যাপক, চিকিৎসক তথা মহাবিদ্যালয়খনৰ অভাৱৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ স্বাস্থ্য বিভাগক অৱগত কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷
লগতে চাওকঃবিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ