ETV Bharat / state

Gibbon Festival ২০২৩: পোন প্ৰথমবাৰৰ বাবে গিবন সংৰক্ষিত বনাঞ্চলত গিবন মহোৎসৱ

author img

By

Published : Feb 13, 2023, 10:05 AM IST

মৰিয়নী দিহিঙীয়াপাৰ চাহ বাগিচাৰ সমীপত প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে গিবন মহোৎসৱ ২০২৩ (Gibbon Festival held in Jorhat) ৷ গিৱন অভয়াৰণ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোকে পৰিচয় কৰি দিয়াৰ পৰিকল্পনাৰে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে গিবন মহোৎসৱ ২০২৩ ৷

For the first time Gibbon Festival held in Jorhat
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল গিৱন মহোৎসৱ
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল গিৱন মহোৎসৱ

যোৰহাট, 13 ফেব্ৰুৱাৰী: ৰাজ্যৰ চিৰসেউজ অৰণ্যৰ ভিতৰত পৰা এক সংৰক্ষিত বনাঞ্চল হৈছে হোলোঙাপাৰ গিবন সংৰক্ষিত বনাঞ্চল (Hoollongapar Gibbon Sanctuary Assam) ৷ যোৰহাট জিলাত অৱস্থিত তথা মধ্য অসমৰ একমাত্ৰ অভয়াৰণ্যখনেই হৈছে গিবন ৷ হোলোঙাপাৰ গিবন সংৰক্ষিত বনাঞ্চলৰ বিশেষত্ব হৈছে এছিয়া মহাদেশৰ বিভিন্ন স্থানত উপলব্ধ ৭ বিধ প্ৰজাতিৰ বান্দৰ এই বনাঞ্চলখনত দেখিবলৈ পোৱা যায় ।

ইয়াৰ লগতে বিভিন্ন প্ৰজাতিৰ পখিলা, হলক গছ আৰু বিভিন্ন প্ৰজাতিৰ ঔষধি গছলতা এই বনাঞ্চলত উপলব্ধ হয় (Gibbon Wildlife Sanctuary) ৷ পূৰ্বে এই বনাঞ্চলখনৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল যদিও পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানেৰে আঁৱৰি পৰে ৷ ১৯ শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰাৰ ফলত ইয়াৰ জৈৱ বৈচিত্ৰও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰে ।

১৯৯৭ চনৰ ৩০ জুলাইত চৰকাৰে যোৰহাট জিলাত অভয়াৰণ্যখন গঠন কৰি নাম দিলে গিবন অভয়াৰণ্য । ভাৰতত পোৱা একমাত্ৰ "এপ" হলৌ বান্দৰৰ নামেৰে এই নাম দিয়া হৈছিল । গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য । পৰৱৰ্তী সময়ত ২০০৪ চনৰ ২৫ মে'ত অসম চৰকাৰে এক জাননীৰ জড়িয়তে ইয়াক "হোলোঙাপাৰ গিবন অভয়াৰণ্য" বুলি পুনঃ নামকৰণ কৰে ।

এই গিৱন অভয়াৰণ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোকে পৰিচয় কৰি দিয়াৰ পৰিকল্পনাৰে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে গিবন মহোৎসৱ ২০২৩ (Gibbon Festival ২০২৩) ৷ মৰিয়নীৰ দিহিঙ্গীয়াপাৰ চাহ বাগিচাৰ সমীপত আয়োজন কৰা এই মহোৎসৱলৈ বহুসংখ্যক প্ৰকৃতি প্ৰেমী লোকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম পৰিলক্ষিত হয় ৷

মহোৎসৱখনত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত ,উচ্চপদস্থ বন বিষয়া, যোৰহাটৰ জিলা বন বিষয়া, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে মৰিয়নীৰ নকছাৰিকে ধৰি জিলাখনৰ বহুকেইখন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা তথা প্ৰাক্তন বন কৰ্মীয়ে অংগ্ৰহণ কৰে (Gibbon Festival held in Jorhat) ৷

মহোৎসৱখনিৰ লগত সংগতি ৰাখি মাৰাথন দৌৰ, চিত্ৰাংকণ প্ৰতোযোগিতা, সাংস্কৃতি অনুষ্ঠানকে ধৰি কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা পৰিলক্ষিত হয় । প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱ জৰিয়তে গিবন অভয়াৰণ্যৰ ঐতিহ্যৰ লগতে বনাঞ্চলখনত থকা সম্পদসমূহক চিনাকী কৰি ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰি দিয়াই হৈছে মূল উদ্দেশ্য (Gibbon Festival held Hoollongapar Gibbon Sanctuary) ।

মৰিয়নিত অৱস্থিত গিবন অভয়াৰণ্যত অনুষ্ঠিত মহোৎসৱখনে এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি প্ৰকৃতি প্ৰেমী লোক সকলে মত প্ৰকাশ কৰে । তাৰোপৰি অসমৰ আগশাৰীৰ কেইবাগৰাকীও ইউ টিউবাৰেও গিবন মহোৎসৱত অংশ গ্ৰহণ কৰি অভয়াৰণ্যখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰদক্ষেপ গ্ৰহণৰ কথা ব্যক্ত কৰে ।

উল্লেখ্য যে, হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় । ইয়াত পোৱা ওখ গছৰ ভিতৰত "হোলোং" গছ (Dipterocarpus macrocarpus) অন্যতম ৷ আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ (Mesua ferrea) গছ বেছিকৈ পোৱা যায় ।

লগতে পঢ়ক: Sankardev Sangha Conference: শংকৰদেৱ সংঘৰ জোনাই অধিৱেশনৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.