ETV Bharat / state

মৰিয়নীৰ চাৰিটা পৰিয়ালক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা - ক’ভিড

মৰিয়নীৰ দিছৈ চাহ বাগিচাৰ একেটা চৌহদত বসবাস কৰা চাৰিটা যৌথ পৰিয়ালৰ ১৪ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাত পৰিয়ালকেইটাক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা কৰা হৈছে ৷

মৰিয়নীৰ ১৪ জনীয়া সদস্যৰ যৌথ পৰিয়ালক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা

author img

By

Published : May 13, 2021, 1:40 PM IST

যোৰহাট, 13 মে’ : ক’ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা সঘনে সলনি হৈ আছে । শেহতীয়াকৈ ক’ভিড-19 পৰীক্ষাত মৰিয়নীৰ দিছৈ চাহ বাগিচাৰ একেটা চৌহদত বসবাস কৰা চাৰিটা যৌথ পৰিয়ালৰ ১৪ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাত পৰিয়ালকেইটাক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা কৰা হয় ৷

মৰিয়নীৰ ১৪ জনীয়া সদস্যৰ যৌথ পৰিয়ালক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা

জানিব পৰা মতে, সঞ্জু তাঁতীৰ নামৰ ব্যক্তি জনৰ পৰিয়ালটোৰ দুগৰাকী বোৱাৰীৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰিছিল । কিন্তু, ইয়াৰ পাচতেই পৰিয়ালৰ চৌহদত কনটেইনমেণ্ট হোমৰ ফলক লগাই স্বাস্থ্য বিভাগে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই চাৰিটা পৰিয়ালৰ ১৪ জনীয়া সদস্যৰ যৌথ পৰিয়ালটোৰ এগৰাকী বোৱাৰী গৰ্ভৱতী হৈ থকাৰ পাচতো স্বাস্থ্য বিভাগৰ কোনো লোকে বিগত ৮ দিনে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই ।

আনহাতে, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে উপাৰ্জনৰ পথ বন্ধ হোৱাত যথেষ্ট কষ্টৰ সন্মুখীন হৈছে । শেহতীয়াকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিয়ালটোৰ এই অৱস্থাৰ বিষয়ে অৱগত হোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা কৰিলে তেওঁলোকক চৰকাৰী সাহাৰ্য আগবঢ়োৱাৰ বাবে চৰকাৰক অনুৰোধ জনায় ।

লগতে পঢ়ক : কণ্টেইনমেণ্ট জ’নত অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.