ETV Bharat / state

যোৰহাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন - Foundation stone of Jorhat AASU Swahid bhawan done

প্ৰতিযোগিতামূলক পৰীক্ষা আৰু কম্পিউটাৰ শিক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ সুবিধা থকাকৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন ৷ এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে ৷

foundation-stone-of-jorhat-aasu-swahid-bhawan
যোৰহাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন
author img

By

Published : Feb 4, 2021, 3:51 PM IST

যোৰহাট,4 ফেব্ৰুৱাৰী: বহু অপেক্ষাৰ অন্তত অৱশেষত যোৰহাটত জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱৰ আধাৰশিলা স্থাপন ৷ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু কম্পিউটাৰ শিক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ সুবিধা থকাকৈ স্থাপন কৰা হৈছে ভৱনটোৰ আধাৰশিলা ৷ বৃহস্পতিবাৰে যোৰহাট নগৰৰ হেডমাষ্টাৰ জেহেৰুদ্দিন পথত ভৱনটোৰ আধাৰশিলা স্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াই ৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ,সাধাৰণ সম্পাদক দীপক দত্তৰ উপস্থিতিত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে ৷

যোৰহাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন

উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন ছাত্ৰ নেতা ললিত বৰা, জয়ন্ত নাথ, ছাত্ৰ নেতা জিতু নেওগকে প্ৰমূখ্যে কৰি কেইবাজনো প্ৰাক্তন ছাত্ৰ নেতাৰ লগতে বৰ্তমানৰ সদস্যসকল ৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট ব্যক্তিসকলে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ৷

লগতে পঢ়কঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.