ETV Bharat / state

লক ডাউনঃ দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙালে চিকিৎসক-অধ্যাপিকা দম্পত্তিয়ে - Food grain distribution at Titabar merapani from jorhat district

বৰহোলাৰ প্ৰতিস্থিত ব্যৱসায়ী মুকুত বৰাই মুখ্যমন্ত্ৰী সাহাৰ্য পুজিঁলৈ এক লাখ টকা অনুদান দিয়াৰ লগতে স্থানীয় 61 টা দৰিদ্ৰ পৰিয়ালক পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে ।

যোৰহাটত একাংশ লোকে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন

author img

By

Published : Apr 9, 2020, 12:21 PM IST

যোৰহাট, 9 এপ্ৰিল : বুধবাৰে মেৰাপানীৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙালে এক মানৱদৰদী দম্পত্তিয়ে ৷ তেওঁলোকৰ মহানুভৱতাৰ বাবেই মেৰাপানীৰ প্ৰায় ত্ৰিশটা পৰিয়ালে লাভ কৰিলে এসাঁজ ভোকৰ ভাত । মেৰাপানী গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডঃ প্ৰশান্ত প্ৰতিম গগৈ আৰু অধ্যাপিকা পত্নী ইন্দিৰা গগৈয়ে মেৰাপানীৰ এই দৰিদ্ৰ পৰিয়ালসমূহলৈ আগবঢ়ালে প্ৰয়োজনীয় খাদ্য সামগ্ৰী । সামাজিক দূৰত্ব বজাই ৰাখি দম্পত্তিয়ে দৰিদ্ৰ পৰিয়ালসমূহক খাদ্য সামগ্ৰীৰ টোপোলাসমূহ প্ৰদান কৰে ।

যোৰহাটত একাংশ লোকে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন

আনহাতে মেৰাপানীৰ পুলিবাগান অঞ্চলৰ দুজন শিক্ষক ক্ৰমে অনন্ত পেগু আৰু কমলেশ্বৰ দলেয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই একাংশ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । তাৰোপৰি বৰহোলাৰ প্ৰতিস্থিত ব্যৱসায়ী মুকুত বৰাই মুখ্যমন্ত্ৰী সাহাৰ্য পুজিঁলৈ এক লাখ টকা অনুদান দিয়াৰ লগতে স্থানীয় 61 টা দৰিদ্ৰ পৰিয়ালক পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.