ETV Bharat / state

টীয়কৰ কণ্টেইনমেণ্ট জ'নত খাদ্য সংকট

পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ নাটনি হৈছে যোৰহাটৰ টীয়কৰ কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা কৰা গাঁওবোৰত । টীয়কৰ উত্তৰ দুলীয়া গাঁৱত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰা নাই বুলি অভিযোগ তুলিছে গাঁওবাসীয়ে । শীঘ্ৰে খাদ্য সামগ্ৰী যোগান নধৰিলে কণ্টেইনমেণ্ট জ'নৰ নিয়ম ভংগ কৰি ওলাই অহাৰ হুংকাৰ দিছে গাঁৱৰ ৰাইজে ।

food crisis in containment zone at Teok
টীয়কৰ কণ্টেইনমেণ্ট জ'নত খাদ্য সংকট
author img

By

Published : Jul 9, 2021, 12:22 PM IST

টীয়ক, ৯ জুলাই: ৰাজ্যত এতিয়াও ভয়াৱহ হৈ আছে ক'ভিড (Covid 19) পৰিস্থিতি । সান্ধ্য আইন জাৰি কৰাৰ পাছতো সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাই । ৰাজ্যত নগৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত ক'ভিড (Covid 19) সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । ৰাজ্যৰ বিভিন্ন জিলাত সংক্ৰমণ ৰোধৰ উপায় হিচাপে এখনৰ পাছত আনখন গাঁৱক কণ্টেইনমেণ্ট জ'ন(Containment Zone) হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

যোৰহাট জিলাতো অনুৰূপ পৰিস্থিতি । ইতিমধ্যে টীয়কৰ গ্ৰামাঞ্চলৰ ৯ টা অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । কিন্তু এই কণ্টেইনমেণ্ট জ'নসমূহত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে । গাঁওবোৰৰ বাসিন্দাই বাহিৰলৈ ওলাই গৈ কাম কৰি প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ আনিব পৰা নাই ।

সেয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । টীয়কৰ উত্তৰ দুুলীয়া গাঁৱত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ ৮ দিনৰ পাছতো চৰকাৰৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপিত হৈছে ।

চৰকাৰী পক্ষৰ এনে দায়িত্বহীন কাণ্ডত ক্ষুদ্ধ হৈ পৰিছে গাঁওবাসী । কিয়নো, ঘৰত মজুত থকা খাদ্য সামগ্ৰী এতিয়া শেষ হ'বলৈ ধৰিছে । প্ৰায়বোৰ ঘৰতে আছে কণ কণ শিশু । এনে পৰিস্থিতিত খাদ্য সামগ্ৰী কেনেদৰে যোগাৰ কৰিব, তাকে ভাৱি গাঁওবাসী চিন্তিত হৈ পৰিছে ।

শীঘ্ৰে খাদ্য সামগ্ৰী যোগান নধৰিলে কণ্টেইনমেণ্ট জ'নৰ নিয়ম ভংগ কৰি ওলাই অহাৰ হুংকাৰ দিছে গাঁৱৰ ৰাইজে । উল্লেখ্য যে, টীয়কৰ উত্তৰ দুলীয়া গাঁৱৰ কণ্টেইনমেণ্ট জ'নৰ লগতে আৰু বহু কেইটা কণ্টেইনমেণ্ট জ'নত আজি পযর্ন্ত খাদ্য যোগান নধৰাত খাদ্য সংকটে দেখা দিছে । কিন্তু ক্ষেত্ৰত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সংকটৰ সময়ত সহায় নকৰাৰ বাবে ৰাইজো ক্ষুদ্ধ হৈ পৰিছে ।

আনহাতে, জিলাখনত এতিয়াও আশা কৰা ধৰণে আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা নাই । প্ৰতিদিনে মহামাৰীত আক্ৰান্তৰ হাৰ বাঢ়িয়েই আছে ।

লগতে পঢ়ক:নামৰূপত নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.