যোৰহাট, 24 জুনঃ অৱশেষত আৰম্ভ হ'ল যোৰহাটৰ ন-আলি উৰণীয়া সেঁতুৰ নিৰ্মাণ প্ৰক্ৰিয়া । 803 মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেঁতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় 90 কোটি । বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেঁতুৰ কাম । আধাৰ শিলা স্থাপনৰ পাচতো দীৰ্ঘ সময়লৈকে নিৰ্মাণৰ উমঘাম নোহোৱাত উৰণীয়া সেঁতু খনকলৈ যোৰহাটবাসীৰ মাজত এক অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হৈছিল । বিগত 17 জুনত গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছতেই গতি ল'লে বিষয়টোৱে । ইতিমধ্যে গড়কাপ্টানী বিভাগে ছাৰ্ভিছ ৰ'ডৰ কাম আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, নগৰখনৰ মাজৰে পাৰ হৈ যোৱা ৰে'লপথটোক সামৰি নিৰ্মাণ হ'ব লগা উৰণীয়া সেঁতু খনৰ মুঠ দৈৰ্ঘ্য 803 মিটাৰ আৰু প্ৰস্থ হ'ব 23 মিটাৰ । আনহাতে, তিনিলেনযুক্ত উৰণীয়া সেঁতু খনৰ বাবে প্ৰায় 90 কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে 67. 75 কোটি কেন্দ্ৰীয় পুঁজিৰ আৰু বাকী পুঁজি ৰাজ্য চৰকাৰৰ । ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত যোৰহাটৰ যান-জঁটৰ সমস্যাটোত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে ৰে'ল পথটোৰ বাবে সৃষ্টি হোৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্ত পৰিব ।
হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ পাচতেই ন-আলি উৰণীয়া সেঁতুৰ কাম আৰম্ভ - অসম নিউজ
বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেঁতুৰ কাম । আধাৰ শিলা স্থাপনৰ পাচতো দীৰ্ঘ সময়লৈকে নিৰ্মাণ নোহোৱাত উৰণীয়া সেঁতু খনকলৈ যোৰহাটবাসীৰ মাজত এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল ৷
যোৰহাট, 24 জুনঃ অৱশেষত আৰম্ভ হ'ল যোৰহাটৰ ন-আলি উৰণীয়া সেঁতুৰ নিৰ্মাণ প্ৰক্ৰিয়া । 803 মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেঁতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় 90 কোটি । বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেঁতুৰ কাম । আধাৰ শিলা স্থাপনৰ পাচতো দীৰ্ঘ সময়লৈকে নিৰ্মাণৰ উমঘাম নোহোৱাত উৰণীয়া সেঁতু খনকলৈ যোৰহাটবাসীৰ মাজত এক অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হৈছিল । বিগত 17 জুনত গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছতেই গতি ল'লে বিষয়টোৱে । ইতিমধ্যে গড়কাপ্টানী বিভাগে ছাৰ্ভিছ ৰ'ডৰ কাম আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, নগৰখনৰ মাজৰে পাৰ হৈ যোৱা ৰে'লপথটোক সামৰি নিৰ্মাণ হ'ব লগা উৰণীয়া সেঁতু খনৰ মুঠ দৈৰ্ঘ্য 803 মিটাৰ আৰু প্ৰস্থ হ'ব 23 মিটাৰ । আনহাতে, তিনিলেনযুক্ত উৰণীয়া সেঁতু খনৰ বাবে প্ৰায় 90 কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে 67. 75 কোটি কেন্দ্ৰীয় পুঁজিৰ আৰু বাকী পুঁজি ৰাজ্য চৰকাৰৰ । ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত যোৰহাটৰ যান-জঁটৰ সমস্যাটোত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে ৰে'ল পথটোৰ বাবে সৃষ্টি হোৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্ত পৰিব ।
বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমকৰ ফলত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত যবনিকা পেলাই অৱশেষত নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হল যোৰহাটৰ বহু প্ৰত্যাশিত ন-আলি উৰণীয়া সেতুৰ কাম।আধাৰ শিলা স্হাপনৰ পাছতো দীৰ্ঘ সময়লৈকে নিৰ্মাণৰ উমঘাম নোহোৱা উৰণীয়া সেতু খনকলৈ যোৰহাট বাসীৰ মাজত এক অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হৈ আহিছিল।যোৱা ১৭ জুন তাৰিখত গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাতে উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছতেই গতি ললে বিষয়টোৱে।ইতিমধ্যে গড়কাপ্টানী বিভাগে ছাৰ্ভিছ ৰ'ডৰ কাম আৰম্ভ কৰিছে।উল্লেখযোগ্য যে নগৰখনৰ মাজৰে পাৰ হৈ যোৱা ৰে'লপথটোক সামৰি নিৰ্মাণ হব লগা উৰণীয়া সেতু খনৰ মুঠ দৈৰ্ঘ্য ৮০৩ মিটাৰ আৰু প্ৰস্হ হব ২৩ মিটাৰ।তিনিলেনযুক্ত উৰণীয়া সেতু খনৰ বাবে প্ৰায় ৯০ কোটি টকা ধাৰ্য কৰা হৈছে।ইয়াৰে ৬৭.৭৫ কোটি কেন্দ্ৰীয় পুজিৰ আৰু বাকী পুজি ৰাজ্য চৰকাৰৰ।আনহাতে অধিগৃহত ভূমিৰ নামত প্ৰায় ২৩ কোটি ক্ষতিপূৰণ ব্যয় হব।ইতিমধ্যে নিৰ্মাণ কাম আৰম্ভ কৰা উৰণীয়া সেতুৰ বাবেই আনগত দিনত চহৰখনৰ বিভিন্ন পথত ব্যাপক যান-যত্ৰৰ সৃষ্টি হবগৈ।যদিহে অতিশ্ৰীঘে নিৰ্মাণ সম্পূৰ্ণ নহয়গৈ।কিন্তু এটা কথা ঠিক যে ২১ ৰ নিৰ্বাচনৰ আগত যে সম্পূৰ্ণ হবগৈ সেয়া এশ শতাংশ সচা।যিহেতু ২০২১ চনত বিধান সভা নিৰ্বাচনৰ আগতহে মুকলি হোৱাৰ সম্ভাৱনা আছে।যি কি নহওক উৰণীয়া সেতু খন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে কেৱল যাতায়তৰ ক্ষেত্ৰত যোৰহাটৰ যান-জটৰ সমস্যাটোত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে ৰে'ল পথটোৰ বাবে সৃষ্টি হোৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অন্ত পৰিব।