ETV Bharat / state

যোৰহাটত বিৰোধীক ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ - himanta biswa sarma

দেওবাৰে যোৰহাটত উপস্থিত হৈ নৱ-গঠিত আঞ্চলিক দলসমূহক সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অখিল গগৈ সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

fly-over-stone-lay-by-himanta-biswa
যোৰহাটত উপস্থিত হৈ বিৰোধীক ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Jan 10, 2021, 5:07 PM IST

যোৰহাট, 10 জানুৱাৰী : যোৰহাটত দেওবাৰে উপস্থিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। যোৰহাটত উপস্থিত হৈয়ে ৰৰৈয়া বিমান বন্দৰৰ পৰা সোনাৰি গাঁও, গড় আলি হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ চাইকেল ৰেলীৰ অন্তত ন-আলিৰ পিছতে যোৰহাটৰ কে.বি ৰোডত নিমাৰ্ণ হোৱা দ্বিতীয় খন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে চিনামৰাত যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতুৰ নিমাৰ্ণ হোৱাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

তদুপৰি নৱ-গঠিত আঞ্চলিক দলসমূহকো সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই । ২১ ৰ নিৰ্বাচনৰ সলনি ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবলৈ নৱ-গঠিত আঞ্চলিক দলৰ নেতাসকলক আহ্বান জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

যোৰহাটত উপস্থিত হৈ বিৰোধীক ক্ষুৰধাৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ
ইফালে অখিল গগৈ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। 'কা' আন্দোলন নহয়, মাওবাদীৰে থকা সম্পৰ্কৰ বাবেহে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি আন্দোলনৰ বাবে হোৱা হ'লে সমুজ্জল ভট্টাচাৰ্যও গ্ৰেপ্তাৰ হ'লহেঁতেন বুলি ভাষ্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক: ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.