ETV Bharat / state

টীয়কৰ জাঁজীমুখত বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল - Flood in Teok

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে প্ৰশাসনে পুনৰ বন্ধ কৰি দিছে জাঁজীমুখ পাৰঘাটৰ নাৱৰ চলাচল ৷

Flood in Teok: effected 12 villages
টীয়কৰ জাঁজীমুখত বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jun 25, 2020, 5:15 PM IST

টীয়ক, 25 জুন: বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে প্ৰশাসনে পুনৰ বন্ধ কৰি দিছে জাঁজীমুখ পাৰঘাটৰ নাৱৰ চলাচল ৷ ফলত বহিঃ জগতৰে বিছিন্ন হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ সংযোগ ৷ উপায়হীন হৈ জৰুৰী কামৰ বাবে ব্যক্তিগত টুলুঙা নাৱেৰে বিপদ সংকুল ভাৱে ইপাৰ সিপাৰ হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজ ৷ বৰ্তমান বাঢ়নী পানীৰ তলত আছে অঞ্চলটোৰ ঘৰ দুৱাৰ, বিদ্যালয় আৰু নামঘৰ সমুহ ৷

টীয়কৰ জাঁজীমুখত বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল

উল্লেখ্য যে, ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জাঁজীমুখৰ জপং, বৰমথাউৰি, শগুনপাৰা, তিনিঘৰীয়াকে ধৰি প্ৰায় 12 খন গাঁও ৷ এনেদৰে নদীখনৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে ৷ যাৰ বাবে আতংকিত হৈ পৰিছে ৰাইজ ৷ ইতিমধ্যে পশুধন সমূহৰ পালকসকলে ওখ স্থান লৈ স্থানান্তৰ কৰিছে পশুধন সমুহ ৷

লগতে পঢ়কঃ কলা শাখাত অসমৰ ভিতৰতে শীৰ্ষ স্থানত শ্ৰদ্ধা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.