যোৰহাট, 26 জুন : নিমাতী ঘাটত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ মহাবাহুত মাছ মাৰিবলৈ গৈ মৃত্যু মুখত পৰিল এজন মাছমৰীয়া ৷ যোৰহাট নিমাতীঘাটত মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটিল এজন মাছমৰীয়াৰ ।
প্ৰাপ্ত খবৰ অনুসৰি পুৱাৰ ভাগতে নিমাতীঘাটত ব্ৰহ্মপুত্ৰত জাল পাতিবলৈ ওলাই গৈছিল মাছমৰীয়াজন ৷ সেই ওলাই যোৱা বাটে আকৌ পুনৰ ঘৰলৈ ঘূৰি নাহিল মাছমৰীয়াজন ৷ ব্ৰহ্মপুত্ৰ বুকুত পৰি মৃত্যুক আঁকোৱালি ল’লে মাছমৰীয়াজনে ৷ ব্যক্তিজনক বাবুল দাস (৫৫) বুলি ইতিমধ্যে চিনাক্ত কৰিব পৰা গৈছে ।
মৃত বাবুল দাসৰ প্ৰকৃত ঘৰ নিমাতীৰ ভিতৰৰ ককিলা কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।
মাছ মাৰি আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ব্যক্তিজনৰ মৃত্যুৰ খবৰে পৰিয়ালটোত কান্দোনৰ ৰোল তুলিছে । তাপয্যপূৰ্ণ যে ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰিবলৈ গৈ এজন মাছমৰীয়াৰ মৃত্যু ঘটা পিচত এতিয়া মাছ মাৰি পৰিয়াল পোহপাল দিয়া অন্য লোকসকলৰ মাজত এক অজান আশংকাই দেখা দিছে ।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিচতো একাংশ লোকে মৰণকো শৰণ দি এতিয়াও মহাবাহুত মাছ মাৰি আছে । আনহাতে এই ঘটনাৰ পিচত সকলো মাছমৰীয়া লোককে সাৱধান হ'বলৈ আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে । একাংশ লোকে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰিবলৈ অতি অসাৱধানতাৰে ভিৰ কৰাও দৈনিক পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Unnatural Death Of Tortoise: মাছৰ পিচত এইবাৰ দীঘলীপুখুৰীত কাছৰ অস্বাভাৱিক মৃত্যু