যোৰহাট,16 এপ্ৰিলঃ ব'হাগ আহিলে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা বুলি অসমীয়া সমাজত প্ৰচলিত এক জনবিশ্বাস ৷ যোৰহাটত ব'হাগৰ প্ৰথম দিনটোতে চুই গ'ল বৰদৈচিলাই ৷
ৰঙালীৰ ৰঙত সমগ্ৰ ৰাজ্য মতলীয়া হোৱাৰ সময়তে বৰদৈচিলাই কোবাই গ'ল যোৰহাটক ৷ প্ৰচণ্ড ধুমুহা,শিলাবৃষ্টিৰ মাজেৰে মাকৰ ঘৰলৈ গ'ল হেনো বৰদৈচিলা ৷ প্ৰকৃতিৰ অন্যান্য ঋতু ব'হাগ ৷ ব'হাগতে ঢোঁল,পেঁপা, গগণাৰ মাতে কৈ যায়,'' ব'হাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ ৷''