টীয়ক, 28 নৱেম্বৰঃ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডলৰ ভাৰতীয় যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন শনিবাৰে জগদুৱাৰ নাট্য মন্দিৰত অনুষ্ঠিত হয়। কলিয়াপানী মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস, উপ সভাপতি ৰফিক উজ জামান, যুৱ মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি অৰূপ বৰদলৈ, সাধাৰণ সম্পাদক আইচেং সন্দিকৈ, বিজেপিৰ চিকিৎসা কোষৰ ৰাজ্যিক সদস্য ডা:যদুনাথ বুঢ়াগোহাঁই, বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য জিতু হাজৰিকা, অসীম বৰুৱা, দেৱজিত বৰুৱা, দীপক গোস্বামী, দীপক শইকীয়া, ৰুমী চেতীয়া, প্ৰদীপ বৰুৱা আদি উপস্থিত থাকে ৷
ইফালে, সভাৰ পূৰ্বে লাহদৈগড় চাৰিআলিৰ পৰা সভাগৃহলৈ বিজেপি জিন্দাবাদ ধ্বনিৰে এক বিশাল বাইক ৰেলি উলিয়াই যুৱ মৰ্চাৰ কৰ্মী সকলে । উল্লেখ্য যে, যুৱ মৰ্চাই অসমৰ প্ৰতিটো সমষ্টিতে ৩০ জনকৈ যুৱশক্তিক লৈ বুথসমূহ গঠন কৰি আগন্তক দিনত তৃণমূল পৰ্যায়ত সাংগঠনিক দিশটো শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি সদৰি কৰে সংগঠনটোৰ নেতৃত্বই ৷
লগতে পঢ়কঃকৃষক মুক্তিৰ সভাপতি ৰাজু বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...