ETV Bharat / state

অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত - Kuladhar Saikia

অনুষ্ঠিত হ’ল অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক সমিতিৰ প্ৰথম পূৰ্ণাংগ বৈঠক ৷ উক্ত বৈঠকখন দেওবাৰে অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সম্পন্ন হয় ৷

Executive meet of assam sahitya sabha jorhat assam etv bharat news
অসম সাহিত্য সভা
author img

By

Published : Nov 1, 2020, 8:22 PM IST

যোৰহাট,1 নৱেম্বৰ: অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক সমিতিৰ প্ৰথমখন পূৰ্ণাংগ বৈঠক দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকখনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে সভাপতি কুলধৰ শইকীয়াই ৷ উল্লেখ্য যে, এয়া আছিল 2020-22 বৰ্ষৰ কাৰ্য নিৰ্বাহক সমিতিৰ প্ৰথম পূৰ্ণাংগ বৈঠক ৷

অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক

উক্ত বৈঠকত সভাপতি শইকীয়াই কয় যে, সাহিত্য সভা হৈছে ৰাইজৰ অনুষ্ঠান আৰু ৰাইজে যেনেদৰে বিচাৰিব সাহিত্য সভা তেনেদৰেই চলিব ৷ তদুপৰি মিঞা আৰু বঙালী সংগ্ৰহালয় স্থাপন সম্পৰ্কত সভাপতিগৰাকীয়ে এনেদৰে কয়, "অসমৰ বৃহৎ জাতিসত্বা, ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কাৰো মন্তব্যই ভেটি লৰাব নোৱাৰে ৷ ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিয়ে যিমানেই ইয়াক প্ৰদূষিত নকৰক কিয় অসমীয়াৰ জাতিৰ একো ক্ষতি কৰিব নোৱাৰে ৷ আমি সকলো একগোট হৈ অসমীয়া জাতি ৰক্ষা কৰিব লাগিব" ৷

আনহাতে,ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটোৰ সভাপতিগৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ নিজস্ব ভাষাত ফলক লিখাটো বাধ্যতামূলক বুলি প্ৰকাশ কৰে ৷ তেতিয়াহে ব্যৱসায় প্ৰতিষ্ঠানক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব ৷ ইয়াৰোপৰি মাজুলীত পৰৱৰ্তী ফেব্ৰুৱাৰী মাহত হ’বলগীয়া সহিত্য সভাৰ অধিৱেশন সন্দৰ্ভত এতিয়াও আলোচনা হৈ থকাৰ কথা সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনাৰ সফল ৰূপায়ন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.