যোৰহাট,1 জুন : যোৰহাট চহৰৰ পদপথত অবৈধভাৱে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ যোৰহাট জিলা প্ৰশাসনৰ। বিগত দুদিন ধৰি যোৰহাট প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান ৷ ইতিমধ্যে চহৰখনৰ পদপথৰ দোকানসমূহ উচ্ছেদ কৰি মুকলি কৰিবলৈ সক্ষম হৈছে । শনিবাৰে চহৰখনৰ মাৰোৱাৰীপট্ৰী,বৰৱাণী বাট, এ টি ৰোডৰ কাষৰ পদপথত থকা সকলো অনুজ্ঞাপত্ৰবিহীন দোকান-পোহাৰ উচ্ছেদ কৰে জিলা প্ৰশাসন তথা যোৰহাট পৌৰসভাই ৷
আকৌ চাওক - 'নাটক কৰিও স্বচ্চল জীৱন যাপন কৰিব পাৰি'