ETV Bharat / state

Evaluation of Rice Cafeteria : অসম কৃষি বিশ্ববিদ্যালয়ত শুভাৰম্ভ ৰাইচ কেফেটেৰিয়াৰ মূল্যায়ন

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাইচ কেফেটেৰিয়াৰ মূল্যায়ন । ৰাজ্যৰ নিৰ্বাচিত কৃষি বিজ্ঞানী, প্ৰগতিশীল কৃষক আৰু কৃষি বিষয়াৰ অংশগ্ৰহণ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:06 PM IST

Evaluation of Rice Cafeteria starts
নতুন ধানৰ জাত উদ্ভাৱন

যোৰহাট, ৩১ অক্টোবৰ : মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত "ৰাইচ কেফেটেৰিয়াৰ" অংশমূলক ধানৰ জাতসমূহৰ মূল্যায়নৰ শুভাৰম্ভ কৰা হয় । অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত আৰম্ভ কৰা এই ২৭ টা নিৰ্বাচিত ধানৰ জাতেৰে এই কেফেটেৰিয়াত নতুন ধানৰ জৰিয়তে কৃষকক উপকৃত কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হয় ।

Evaluation of Rice Cafeteria starts
নতুন ধানৰ জাত উদ্ভাৱন

কৃষক, কৃষি বিজ্ঞানী আৰু কৃষি বিভাগৰ বিষয়াৰ ৭০ জনীয়া দলে এই মূল্যায়নত অংশগ্ৰহণ কৰি জাতসমূহ ওপৰত মতামত প্ৰকাশ কৰে । এই উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষণ পামৰ কেফেটেৰিয়াস্থলীত আয়োজিত অনুষ্ঠানত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক(ভাৰপ্ৰাপ্ত ) ড৹ মৃণাল শইকীয়াই সামগ্ৰিক কৃষিৰ উন্নতিৰ বাবে কেফেটেৰিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।

বিশেষকৈ নতুন নতুন ধানৰ জাত উদ্ভাৱনৰ পাচতো সেই জাতসমূহ কৃষকৰ কাষলৈ সোনকালে নোযোৱা বুলি উল্লেখ কৰি সঠিক নীতিৰ জৰিয়তে এইসমূহৰ কৃষকৰ পথাৰত উপলব্ধ কৰাৰ ওপৰত গুৰুত্ব দিয়ে । বিশেষকৈ বাণিজ্যিকভাৱে সফলতা লাভ কৰিবলৈ মধ্যমীয়া জাতৰ ধানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।

মূল্য শৃংখল ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এপাৰ্টৰ নডেল বিষয়া ড৹ ৰূপম বৰগোহাঁইয়ে বৃহৎ মাত্ৰাত কৃষকৰ পথাৰত পৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বীজৰ দিশত আত্মনিৰ্ভৰ হ'বৰ বাবে ৰাইচ কেফেটেৰিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ।

অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটীস্থিত আৱাসিক সমন্বয়ক ড৹ বীৰেন্দ্ৰ যাদৱে ধানৰ জাতসমূহৰ চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । নিৰ্বাচিত জাতৰ জৰিয়তে মূল্য সংযোজন আৰু থলুৱাভাৱে ক্লাষ্টাৰ ভিত্তিত ধান উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি যান্ত্ৰিক ব্যৱস্থাপনাক অধিক উপযোগীকৈ সদব্যৱহাৰ কৰিবলৈকো আহ্বান জনায় ।

এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক (ভাৰপ্ৰাপ্ত) ড৹ মনোৰঞ্জন নেওগ আৰু সহযোগী সম্প্ৰসাৰণৰ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদৰ লগতে, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ ৬ গৰাকী বিষয়া, ২০ গৰাকী নিৰ্বাচিত অধ্যাপক তথা গৱেষক বিজ্ঞানী, ২৫ গৰাকী প্ৰগতিশীল কৃষক, ১০ গৰাকী এপাৰ্টৰ বিষয়া, ৫ গৰাকী কৃষি বিষয়া, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ এজেন্সিৰ ২ জন বিষয়াৰ লগতে বহু সংখ্যক গৱেষক বিজ্ঞানী আৰু কৃষকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ULFA I killed cadre : অসমৰ ৰাজনীতিত নেতৃত্ব ল’বলৈ আলফা নেতৃত্বক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.