ETV Bharat / state

ইটিভিৰ বাতৰিৰ সৰ্বাত্মক প্ৰভাৱ : বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতেই তৎপৰ প্ৰশাসন

author img

By

Published : Apr 29, 2020, 4:01 PM IST

Updated : Apr 29, 2020, 8:43 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই বৰ্তমান তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন ৷ অনাহকত লক-ডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ৷

Etv News impact
যোৰহাট চহৰ

যোৰহাট, 29 এপ্ৰিল : লক-ডাউন অব্যাহত থকাৰ সময়তে ৰাজ্যৰ বহু অঞ্চলত সাধাৰণ জনতাৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ৷ প্ৰশাসনৰ ফালৰ পৰা বাৰাম্বাৰ কঠোৰ নিৰ্দেশ দি থকাৰ পিছতো একাংশ দুষ্ট চক্ৰৰ লোকে লক-ডাউন নামানি অবাধে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷ যোৰহাট চহৰতো লক-ডাউনৰ সময়ছোৱাত সাধাৰণ জনতাই অনাহকত জনসমাগমৰ সৃষ্টি কৰি চৰকাৰী নীতি-নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছিল ৷ এই সকলো বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই বৰ্তমান তৎপৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন ৷

যোৰহাট চহৰ

অনাহকত যি সকল জনতাই চহৰলৈ ওলাই আহিছে তেওঁলোকক আৰক্ষীয়ে শাস্তি বিহাৰ লগতে পুনৰ ঘৰলৈ ওভতাই পঠাইছে ৷ আনকি চহৰখনৰ বিভিন্ন স্থানত আৰক্ষী প্ৰশাসনে চোকা দৃষ্টি নিক্ষেপ কৰাৰ লগতে পূৰ্বতকৈয়ো অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : লক্ ডাউন-2ঃ চতুৰ্দশ দিনটোত ক'ত কি ঘটিল !

Last Updated : Apr 29, 2020, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.