ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,বিকল শ্লুইছ গেট মুকলিৰ কাম আৰম্ভ

author img

By

Published : Jul 29, 2020, 3:09 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰিৰ প্ৰচাৰৰ পাচতে গা লৰিল টীয়কৰ বিধায়িকাৰ ৷ বিকল হৈ থকা বৰালিমৰাৰ শ্লুইছ গেটখন মুকলি কৰাৰ কাম আৰম্ভ কৰিছে বিধায়িকা ৰেণুপমা ৰাজখোৱাই ৷

ETV Bharat impact at Teok
বিকল শ্লুইছ গেটৰ মুকলিৰ কাম আৰম্ভ

টীয়ক, 29 জুলাই : মঙলবাৰে ইটিভি ভাৰতযোগে প্ৰচাৰিত এক বাতৰিত উল্লেখিত অনুসৰি,যোৰহাটৰ টীয়কৰ বৰালিমৰাৰ বিকল শ্লুইছ গেটখনৰ বাবে বৃহত্তৰ ঘোৰাচৰাবাসীয়ে যন্ত্ৰণাময় জীৱন কটাবলগীয়া হৈছে । সমগ্ৰ জুলাই মাহটো জলবন্দী হৈ আছে অঞ্চলবাসী। আৱাসগৃহ পানীৰ তলত,কৃষিভূমিও জলমগ্ন, যাতায়াতৰ একমাত্ৰ গড়কপ্তানী পথটো দীৰ্ঘদিন ধৰি পানীৰ তলতে ডুব গৈ আছে ।

বিকল শ্লুইছ গেটৰ মুকলিৰ কাম আৰম্ভ

ইয়াৰোপৰি,অঞ্চলটোৰ মৎস্য পালকসকলৰ পুখুৰীৰ মাছসমূহ বাঢ়নী পানীত ওলাই যোৱাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে মৎস্যপালকসকল । আনহাতে, বৰালিমৰাৰ শ্লুইছ গেটখন দীৰ্ঘদিন ধৰি বিকল আৰু গেটখনৰ সন্মুখভাগ পলসে পুতি পেলোৱাৰ ফলত নদীৰ বাঢ়নী পানীয়ে অঞ্চলটো বুৰাই পেলায় ।

এই বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পাচত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ তৎপৰতাত মঙলবাৰৰ বিয়লি ভাগৰ পৰা শ্লুইছ গেটখন মুকলি কৰাৰ ব্যৱস্থা কৰা হয় আৰু গেটখনৰ সন্মুখ ভাগৰ পলস আঁতৰাই পানীৰ গতিপথ মুকলি কৰাৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মৰিগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.