টীয়ক , 7 মে' : জাঁজীমুখত খহনীয়া ৰোধৰ নামত দুৰ্নীতি ৷ জাঁজীমুখ সুৰক্ষাৰ নামত কোটি কোটি টকাৰ অনিয়মৰ অভিযোগ ৷ সমাগত বাৰিষাত বানৰ আশংকাত অঞ্চলবাসী ৷
নিম্নমানৰ কামেৰে জলসম্পদ বিভাগৰ এচ ডি আৰ এফ পুঁজিৰ 2 কোটি 35 লাখ টকা আত্মসাতৰ অভিযোগ ৷
যোৰহাটৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমূখত পাৰ্কুপাইন ,জিঅ' বেগ আৰু মথাউৰি মেৰামতিৰ বাবে আৱণ্টিত হৈছিল এই বৃহৎ পৰিমাণৰ ধন ৷ কেইবাজনো ঠিকাদাৰে বিভিন্ন পৰ্যায়ত কাম কৰিছিল প্ৰকল্পটোত ৷ কিন্তু নিম্নমানৰ কামেৰে সমুদায় ধন আত্মসাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷