ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু - elephant conflct at various places of assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত,গোলাঘাট,তিনিচুকীয়া জিলাৰ ধলাৰ দীঘল মেচাকী গাঁৱ,টীয়কৰ মেলেং চাহ বাগিচাতো হাতী-মানুহৰ সংঘাত হোৱাৰ কথা জানিব পৰা গৈছে ৷

elephant-conflct-at-various-places-of-assam
ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু
author img

By

Published : Nov 30, 2019, 4:27 PM IST

নিউজ ডেস্ক, 30 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ সম্প্ৰতি জিলাখনৰ বিভিন্ন চাহ বাগিচা,আৱাসিক এলেকা আৰু ধাননি পথাৰত জাকে জাকে বন্যহস্তী সোমাই বিস্তৰ ক্ষতিসাধন কৰে ৷ ইপিনে লেটেকুজান চাহ বাগিচাতো শুকুৰবাৰে নিশা আশ্ৰয় লয় এক বৃহৎ বন্যহস্তীৰ জাকে। বনাঞ্চলৰ পৰা হঠাতে নামি অহা হাতীৰ জাকটোক দেখি স্বাভাৱিকতে আতংকিত হৈ পৰে গাঁওবাসী ৷ তদুপৰি হাতীৰ জাকটোৰ বাবে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি হৈছে। যাৰ বাবে বাগিচাখনৰ শ্ৰমিকসকলে দিনৰ ভাগতো কাম কৰিবলৈ অনীহা প্ৰকাশ কৰিছে। হাতীৰ জাকটোৱে নিশাৰ ভাগত নিকটৱৰ্তী বকিয়াল,ৰংবং আদি গাঁওসমূহত প্ৰৱেশ কৰি শস্য তহিলং কৰাৰো খবৰ পোৱা গৈছে ৷ হাতীৰ জাকটোৱে কৃষি ভূমি নষ্ট কৰাৰ লগতে ভাঙি তহিলং কৰিছে মানুহৰ ঘৰ-দুৱাৰ। বাগিচাৰ লোকসকলে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। এইদৰে হাতী-মানুহৰ সংঘাতে গোলাঘাটত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পিছতো বনবিভাগে সংঘাত ৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

আনহাতে তিনিচুকীয়া জিলাৰ ধলাৰ দীঘল মেচাকী গাঁৱতো বন্যহস্তীৰ সন্ত্ৰাস দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত মেচাকী আৰু হাঁহখাটী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে নিদ্ৰা হৰিছে অঞ্চলবাসীৰ। নিতৌ নিশা বন্যহস্তীৰ উপদ্ৰৱে জনসাধাৰণক আতংকিত কৰি তুলিছে ৷ বনবিভাগ তথা প্ৰশাসনক বাৰম্বাৰ জনাই অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

ইফালে টীয়কৰ মেলেং চাহ বাগিচাতো হাতী-মানুহৰ সংঘাত হোৱাৰ কথা জানিব পৰা গৈছে । পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় দামু প্ৰধান নামৰ এজন লোক। লোকজনে নিশা শুই থকা অৱস্থাত ঘৰৰ ভিতৰত হাতীয়ে গচকি হত্যা কৰে ৷ পঞ্চাশোৰ্ধৰ ব্যক্তিজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । তদুপৰি ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

লগতে চাওক:ছচিয়েল মিডিয়াৰ এটা ভাল খবৰ

Intro:গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত ।লেটেকোজান চাহ বাগিচাত আশ্ৰয় বৃহৎ বন্যহস্তীৰ জাকৰ। আতংকিত গাঁৱবাসী বাগিচাৰ শ্ৰমিক সকল ।
গোলাঘাটত এতিয়া দিনে নিশাই অব্যাহত আছে হাতী মানুহৰ সংঘাত, চাহ বাগিচা,মানুহৰ ঘৰ, ধাননি পথাৰত জাকে জাকে বন্যহস্তী । এই দৃশ্য গোলাঘাটৰ লেটেকোজান চাহ বাগিচাৰ ।আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্য হস্তীৰ জাকে বাগিচা খনত বিচৰণ কৰি আছে দিনে নিশাই । বিচৰণ কৰি ত্ৰাস ৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে বাগিচা খনৰ শ্ৰমিক সকলে কাম কৰিবলৈ ভয় কৰিছে।দিনৰ ভাগত বাগিচা খনত আশ্ৰয় লৈ নিশা হলেই কাষৰীয়া বকিয়াল,ৰংবং আদি গাঁও সমূহত প্ৰৱেশ কৰি খাই তহিলং কৰিছে কৃষকে বহু কষ্টৰে কৰা পকা ধাননি পথাৰ, ভাঙি তহিলং কৰিছে ঘৰ দুৱাৰ । বাগিচাৰ লোক সকলে হাতীৰ জাক টোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই । মানুহে যিমান খেদিছে সিমানেই হাতীৰ জাকটোৱেও উভতি খেদিছে মানুহক । আৰু তাতে সৃষ্টি হৈছে ভয়াবহ সংঘাত । যি কোনো মুহূৰ্তত সংঘটিত হব পাৰে ভয়াবহ সংঘাত । এতিয়া এনেদৰে হাতী মানুহৰ সংঘাত নৃত্যনৈমিত্ৰিক ঘটনাত পৰিণত হৈছে । কিন্তু বন বিভাগে ইমানৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই সংঘাত ৰোধৰ ।Body:Byte 1 ,2: চাহ বাগিচাৰ কৰ্মচাৰীConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.