ETV Bharat / state

বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল টীয়ক

author img

By

Published : Nov 7, 2020, 7:26 PM IST

টীয়কত এআই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে অসম যুৱ পৰিষদৰ সদস্যসকলে ৷ অনাগত দিনত অসম তথা ভাৰত বিৰোধী কাৰ্য কৰাৰ দুঃসাহস কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ অসম যুৱ পৰিষদৰ ৷

As_teok_02_effigy_burn_at_teok_img_asc10027
বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে উত্তাল টীয়ক

টীয়ক,7 নৱেম্বৰ: শুকুৰবাৰে শিলচৰ বিমান বন্দৰত এ আই ইউ ডিএফৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে টীয়কৰ ৰাজপথতো অসম যুৱ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম যুৱ পৰিষদৰ সদস্যসকলে দাহ কৰে এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি ৷

টীয়কৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে অসমৰ মাটিত থাকি, অসমৰ বতাহ খাই ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ ঘোৰ বিৰোধিতা কৰাৰ লগতে অনাগত দিনত যদি অসম তথা ভাৰত বিৰোধী কাৰ্য কৰাৰ দুঃসাহস কৰে, তেতিয়া হ'লে যুৱ পৰিষদৰ টীয়ক বিধান পৰিষদে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক: পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমূৰ্তি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.