ETV Bharat / state

শিক্ষকসকলে চৰকাৰী চাকৰি কৰিছে যেতিয়া চৰকাৰী নিয়ম মানিবই লাগিব: ৰণোজ পেগু - তিতাবৰত বিজেপিৰ বুথ পৰ্যায়ৰ সাংগঠনিক সভা

Ranoj Pegu react on teachers protest: যোৰহাটৰ তিতাবৰত বিজেপি দলৰ বুথ পৰ্যায়ৰ সাংগঠনিক সভা ( Booth organisational meet of BJP in Titabor)। এই সভাত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষকসকলে চাকৰিত যোগদান কৰাৰ তাৰিখৰ পৰাই নিয়মীয়াকৰণ দেখুৱাব নোৱাৰি ।

Minister Ranoj Pegu in Jorhat
তিতাবৰত বিজেপিৰ বুথ পৰ্যায়ৰ সাংগঠনিক সভা
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 3:28 PM IST

তিতাবৰত বিজেপিৰ বুথ পৰ্যায়ৰ সাংগঠনিক সভা

যোৰহাট, ১৯ ডিচেম্বৰ : যোৰহাটৰ তিতাবৰত আজি আন্দোলনকাৰী শিক্ষক সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু । মঙলবাৰে জিলাখনৰ তিতাবৰত বিজেপি দলৰ বুথ পৰ্যায়ৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়," শিক্ষক সকলে আন্দোলন কৰাটো তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ কথা । চৰকাৰী চাকৰি যেতিয়া কৰিছে তেওঁলোকে চৰকাৰী বিধি, নীতি-নিয়ম মানি প্ৰতিবাদ কৰিব লাগিব ।"

আজি যোৰহাটৰ তিতাবৰত বিজেপি দলৰ বুথ পৰ্যায়ৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঠিকাভিত্তিক শিক্ষক সকলৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰে । সাংবাদিকে মন্ত্ৰীগৰাকীক শিক্ষকসকলৰ বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰাত তেওঁ কয়," চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিধি আছে, নিয়ম আছে । শিক্ষকসকলে চাকৰিত যোগদান কৰাৰ তাৰিখৰ পৰাই নিয়মীয়াকৰণ দেখুৱাব নোৱাৰি, তেওঁলোকৰ চাকৰি যি তাৰিখত নিয়মীয়া কৰা হ'ব সেই তাৰিখৰ পৰাহে সুবিধা সমূহ লাভ কৰিব ।"

ইপিনে,বেলেগ ৰাজ্যত শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে বেলেগ ৰাজ্যত ডকাইতি বা অপৰাধমূলক কাৰ্য সংঘটিত হ'লে আমিও কৰিব লাগিব নেকি বুলি প্ৰশ্ন কৰে । শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে পুনৰ কয়," অসমক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য ৰূপে গঢ়ি তুলিবৰ বাবে চেষ্টা কৰি থকা হৈছে । " অনুন্নত ৰাজ্য সমূহে কি কৰিছে তাৰ লগত অসমৰ তুলনা কৰিলে নহ'ব বুলি তেওঁ মন্তব্য কৰে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই মন্তব্যৰ পিছত শিক্ষক সমাজে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.