তিতাবৰ, 29 মে’ : ৰাজ্যৰ আন প্ৰান্তৰ লগতে তিতাবৰ মহকুমাতো নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে তৎপৰ হৈ পৰিছে আৰক্ষী । তিতাবৰৰ বৰহোলা আৰক্ষীয়ে শনিবাৰে পুৱা গোপন তথ্যৰ ভিত্তিত অভিযান আৰম্ভ কৰে আৰু বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।
বৰহোলা ৰজাবাৰী সোণোৱাল গাঁৱৰ এটা বাসগৃহত তালাচী চলাই আৰক্ষীয়ে ড্ৰাগছৰূপে ব্যৱহৃত ২৬১ টা চিম্পেক্স প্লাছ (SIMPEX PLUS) জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে, ড্ৰাগছ সমূহ জব্দ হ'লেও অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী ৰাজীৱ সোণোৱাল ওৰফে তিলো পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ী ৰাজীৱ সোণোৱালে দীৰ্ঘদিনে স্থানীয় অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ৰাজীৱৰ বিৰুদ্ধে বিচাৰ খুচাৰ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ গুলীয়াগুলি