যোৰহাট, 28 ছেপ্টেম্বৰ: ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ পিছতো একাংশ অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs operation) ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ ইফালে ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ সচেতন হৈছে গাঁওৰক্ষী বাহিনী তথা সাধাৰণ জনতাও ৷
শেহতীয়াকৈ, যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে বুধবাৰে হাতে লোটে আটক কৰিবলৈ সক্ষম হয় দুই যুৱকক (Drugs paddler arrested) । যোৰহাট ৰজামৈদাম নিউকলনীৰ এটা ভাড়া ঘৰৰ পৰাৰ ড্ৰাগছ সেৱন কৰি থকাৰ লগতে বিক্ৰী কৰিবলৈ যো-জা কৰি থাকোতেই স্থানীয় ৰাইজে যুৱক দুজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।
তাৰ্পয্যপূৰ্ণ যে যোৰহাট ট্ৰাকাইপট্ৰি, মেষ্টপৰ্ট্ৰি, ৰজামৈদাম, বৰিগাৱ আৰু নিউ কলনি আদি স্থানত বিগত বহু দিন ধৰি অসামাজিক কাৰ্যকলাপকে ধৰি ড্ৰাগছ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । আনহাতে আটকাধীন যুৱক দুজনে বিগত সময় ধৰি ৰজামৈদাম নিউ কলনি অঞ্চলত থকা ভাড়া ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
দুই যুৱকে ভাড়াঘৰলৈ ড্ৰাগছ আসক্ত যুৱকক মাতি আনি ড্ৰাগছ গ্ৰহণ কৰিব বাবে সুৱিধা কৰি দিছিল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ভাড়াঘৰটো নিৰাপদ বুলি ভাবি দৈনিক ইয়ালৈ বহু অচিনাকি ব্যক্তি প্ৰৱেশ কৰে ৷ আনফালে এই সমগ্ৰ ঘটনাটোৰ বিষয়ে স্থানীয় ৰাইজে বহু দিনৰ পৰাই নজৰ দি আহিছিল ৷
তাৰ ফলশ্ৰুতিতে বুধবাৰে স্থানীয় ৰাইজে হাতে লোটে দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় । পিছত স্থানীয় ৰাইজে যোৰহাট সদৰ আৰক্ষীক ঘটনা বিষয়ে অৱগত কৰে ৷ আৰক্ষী উপস্থিত হৈ ভাড়াঘৰটোৰ ভিতৰত গোপন স্থানত লুকুৱাই থোৱা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সেৱনৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে ।
যুৱক দুজনক আৰক্ষীয়ে সদৰ থানা লৈ যায় আৰু অধিক তথ্য সংগ্ৰহ বাবে যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: জখলাবন্ধাত সুৰাসহ আটক এজন