ETV Bharat / state

তিনি মহাদেশৰ দহখন ৰাষ্ট্ৰৰ বিষয়া প্ৰতিনিধিৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন

author img

By

Published : Jan 23, 2021, 1:19 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ৰ ঐতিহাসিক দিন । তিনিখন মহাদেশৰ দহ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, কূটনৈতিক বিষয়া প্ৰতিনিধিৰ বিশ্ববিদ্যালয় পৰিদৰ্শন । কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগ কামনা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ ।

অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট, 23 জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ত তিনিখন মহাদেশৰ দহ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, কূটনৈতিক বিষয়া, প্ৰতিনিধিৰ বিশ্ববিদ্যালয় পৰিদৰ্শন । শুকুৰবাৰে এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত দহখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কুটনৈতিক বিষয়াৰ এটা উচ্চস্তৰীয় দলে অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ত একেসময়তে দহখনকৈ বিদেশী ৰাষ্ট্ৰৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ উপস্থিতিক এক ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰে । উপাচাৰ্য গৰাকীয়ে কৃষি, গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰসমূহৰ সহায় সহযোগ কামনা কৰে লগতে কৃষি, গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰসমূহৰ সহায় সহযোগ কামনা কৰে । বিদেশী ৰাষ্ট্ৰসমূহে বিশেষকৈ শিক্ষাৰ্থীৰ আৰু গৱেষকৰ আদান-প্ৰদান আৰু দ্বিপাক্ষিক সহযোগিতাৰ জৰিয়তে এই দিশত উভয় ৰাষ্ট্ৰসমূহ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে ৷ প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয়ে এই দিশত সহায়ক হোৱাকৈ বুজাবুজি চুক্তিৰ জৰিয়তে আগবাঢ়ি যাব বুলি কয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই দৃশ্যশ্ৰাব্য উপস্থাপনৰ জৰিয়তে কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত বিশ্ববিদ্যালয়ৰ অগ্ৰগতি সম্পৰ্কে এক পৰ্যালোচনা আগবঢ়ায় ।

বিশ্ববিদ্যালয় পৰিদৰ্শন
বিশ্ববিদ্যালয় পৰিদৰ্শন

কংগো, নাইজেৰীয়া, মংগোলীয়া, ভূটান, ফিজি, ত্ৰিনিদাদ এণ্ড টবেগ, ইণ্ডোনেচিয়া, মেছিডনিয়া, ঘানা আৰু ভিয়েটনামৰ উচ্চপদস্থ বিষয়াসকলৰ দলটোৱে শুকুৰবাৰে বিয়লি বিশ্ববিদ্যালয়ত উপস্থিত হৈ চাহ প্ৰযুক্তিবিদ্যা বিভাগ, প্লেন্ট পেথলজি, নীতিহাব আৰু উত্তৰ-পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ পৰিদৰ্শন কৰে । ইয়াৰ পাছত বিদেশী প্ৰতিনিধিসকলে বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সভাকক্ষত এখন উচ্চস্তৰীয় সভাত অংশগ্ৰহণ কৰে । এই সভাত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, ডি বি টিৰ ডাইৰেক্টৰ ড° বিদ্যুত কুমাৰ শৰ্মা, পঞ্জীয়ক অৰ্পণ কুমাৰ শইকীয়া, যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে অংশ গ্ৰহণ কৰে ।

তিনি মহাদেশৰ দহখন ৰাষ্ট্ৰৰ বিষয়া প্ৰতিনিধিৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন
তিনি মহাদেশৰ দহখন ৰাষ্ট্ৰৰ বিষয়া প্ৰতিনিধিৰ অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন

উল্লেখ্য যে, বিদেশী প্ৰতিনিধি দলটোত কংগো গণৰাজ্যৰ ৰাষ্ট্ৰদূত জিন বেপ্টিষ্ট কেছংগ মাউছেংগা আৰু গ্ৰিজৈৰী বেয়া নাকাছহামা, নাইজেৰিয়াৰ উচ্চায়ুক্ত এলাটাইজ ইছমাইল আয়ুবামী, মংগোলিয়াৰ ৰাষ্ট্ৰদূত গনচিং গেনবল্ড, মংগোলীয়া ৰাষ্ট্ৰদূত বেছানজাভ মাছবাদৰাখ, ভূটানৰ কনছুল জেনেৰেল ফুব চেৰিং, ভূটানৰ ৰাষ্ট্ৰদূত জেম ফুব, ফিজিৰ চাৰ্জ দ্য এফেয়াৰ্ছ নীলেচ ৰনীল, ত্ৰিনিদাদ এণ্ড টবেগৰ ৰাষ্ট্ৰদূত চাৰলাইন চুচ্ছা এমেষ্টাচিয়া, নেহা ৰঘুবৰ, মেচিদনিয়াৰ চাৰ্জ দ্য এফেয়াৰ্ছ নেহাট ইমিনি, ঘানাৰ চাৰ্জ দ্য এফেয়াৰ্ছ বেলিৱাইন চেবেচটাইন, ভিয়েটনামৰ পলিটিকেল এণ্ড ইকনমিক হেড নাগুৱেন থাই নজিক ডুং, ইণ্ডোনেচিয়াৰ সচিব এনী ইওলিয়ান্টী আৰু ইণ্ডোনেচিয়া ৰাষ্ট্ৰদূত মহম্মদ আকাল ইডিচনে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:টিংখাঙত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 ৰ অধীনত হিতাধিকাৰীৰ মাজত পৰিচয় পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.