ETV Bharat / state

পুত্ৰৰ ন্যায় বিচাৰি ৰাজপথত পিতৃ-মাতৃৰ প্ৰতিবাদ

author img

By

Published : Aug 17, 2020, 10:12 PM IST

যোৰহাট জিলাৰ মৰিয়নীত শতাধিক লোকৰ প্ৰতিবাদ ৷ গাভৰু চাহ বাগিচাত নৃশংসভাবে হত্যা কৰা দেৱাশীষ গগৈৰ হত্য়াকাণ্ডৰ তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

DEBASIS GOGOI MURDERD PROTEST AT MARIYANI
DEBASIS GOGOI MURDER PROTES

মৰিয়নী, 17 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে সোমবাৰে যোৰহাট জিলাৰ মৰিয়নীত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্য় জোঁকাৰি যোৱা দেৱাশীষ গগৈৰ হত্য়াকাণ্ডৰ তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

ঘটনাৰ বিৱৰণ অনুসৰি, বিগত প্ৰায় 3 মাহ পূৰ্বে যোৰহাট জিলাৰ মৰিয়নী গাভৰু চাহ বাগিচাত নৃশংসভাবে হত্যা কৰা হৈছিল দেৱাশীষ গগৈ নামৰ এগৰাকী যুৱকক ৷ কিন্তু হত্যাকাণ্ডৰ প্ৰায় 2-3 মাহ উকলি যোৱাৰ পিচতো হত্যাৰ তদন্ত খৰতকীয়া নকৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

পুত্ৰৰ ন্যায় বিচাৰি ৰাজপথত পিতৃ-মাতৃৰ প্ৰতিবাদ

দোষীক দৃষ্টান্তমূলক শাস্তিৰ লগতে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত সোমবাৰে মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত মৃত দেবাশীষ গগৈ পিতৃ-মাতৃৰ লগতে কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । যোৰহাট জিলা ছাত্ৰ সন্থা আৰু যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত নকছাৰি ছাত্ৰ সন্থা, বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত দেবেৰাপাৰ আৰক্ষী চকীৰ সন্মুখত ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদস্থলীৰ পৰাই দেবাশীষ গগৈৰ হত্যাৰ লগত জড়িত প্ৰতিজন অপৰাধীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ লগতে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ অন্যথা পৰৱৰ্তী সময়ত প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : ৱেব পৰ্টেলত সম্প্ৰচাৰিত অনুষ্ঠানৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.