ETV Bharat / state

ফাষ্টট্ৰেক আদালতত কৰা হ'ব দেৱশীষ গগৈ হত্যাকাণ্ডৰ বিচাৰ !

author img

By

Published : Jun 2, 2020, 5:51 AM IST

30 মে'ত মৰিয়নিৰ গাভৰু চাহবাগিছাৰ সমীপত একাংশ উন্মত্ত লোকে হত্যা কৰিছিল দেৱাশীষ গগৈ নামৰ যুৱকজনক ৷ সামান্য এটি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই গণ ৰোষৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছিল যুৱকজনে ৷ এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে ৰাজ্যবাসীয়ে ৷ ইয়াৰ কেইদিনমান পূৰ্বে চাবুৱাত এজন যুৱক আৰু হাজোত এগৰাকী পাচলি বিক্ৰেতাই মৃত্যুক সাৱটিব লগীয়া হৈছিল গণৰোষৰ বলি হৈ ৷

morioni mob lynching
morioni mob lynching

মৰিয়নি, 1 জুন : দেৱশীষ হত্যাকাণ্ডৰ তিনিটা দিন উকলিল । একাংশ বৰ্বৰ লোকৰ উন্মাদনাৰ বলি হৈ গাভৰু চাহবাগিছাৰ সমীপত প্ৰাণ হেৰুৱাইছিল দেৱাশীষ গগৈ নামৰ যুৱকজনে ৷ সোমবাৰে বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দল সংগঠনৰ লগতে প্রাক্তন আলোচনাপন্থীৰ আলফাৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাই ভিৰ কৰেহি মৃত যুৱকজনৰ বাসগৃহত।

দেৱশীষ হত্যাকাণ্ড : সাংসদ তপন গগৈৰ প্ৰতিক্ৰিয়া !

যোৰহাটৰ সাংসদ তপন গগৈয়ে দেৱশীষ গগৈৰ বাসগৃহত উপস্থিত হৈ পিতৃ দেৱজিত গগৈ আৰু তেওঁৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰে। দেৱশীষৰ নৃশংস হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদগৰাকীয়ে । ইয়াৰ লগতে আৰক্ষীক এই হত্যাকাণ্ডৰ লগত জড়িত সকলোকে 7 দিনৰ ভিতৰত কৰায়ত্ব কৰাৰ বাবে নিৰ্দেশ দিয়ে।

অধিক পঢ়ক : দেৱাশীষ গগৈ হত্যাকাণ্ডঃ প্ৰতিক্ৰিয়া সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

অন্যহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আলোচনা পন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱা, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, বিশিষ্ট লেখিকা কাবেৰী ৰাজখোৱা, আটছা সভাপতি ধীৰাজ গুৱালা, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে আদি কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল দেৱশীষৰ বাসগৃহত উপস্থিতি হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। ইফালে চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গুৱালাই দেৱশীষ বাসগৃহত উপস্থিত অতি শীঘ্ৰে দোষীক কৰায়ত্বৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়।

অধিক পঢ়ক : দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে উত্তাল মৰিয়নী

আলফাৰ আলোচনাপন্থী নেতা অৰবিন্দ ৰাজখোৱাইও এই হত্যাকাণ্ডক অমানৱীয় আখ্যা দি দোষীক অতি শীঘ্ৰে আটক কৰিবৰ বাবে দাবী জনায়। খিলঞ্জীয়া লোকসকল এইদৰে আক্ৰমণৰ বলি হ'ব লগা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আলফাৰ আলোচনাপন্থী নেতাগৰাকীয়ে ৷

দেৱশীষ হত্যাকাণ্ড : জিতেন দত্তৰ প্ৰতিক্ৰিয়া !

আনফালে দেৱাশীষ গগৈৰ বাসগৃহত আলোচনাপন্থী আলফা নেতা জিতেন দত্ত উপস্থিত হৈ পুত্ৰ দেৱশীষৰ মৃত্যুৰ শোকত বিহ্বল মাতৃৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে। অসমত এনেবোৰ ঘটনা সঘনে ঘটি থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ খিলঞ্জীয়া যুৱচামক একগোট কৰি এটা নতুন সংগঠন খোলাৰ কথা সংবামাধ্যমৰ ওচৰত আনুষ্ঠানিক ভাৱে ঘোষণা কৰে জিতেন দত্তই ।

লগতে পঢ়ক : দেৱাশীষ গগৈ হত্যাকাণ্ডত অভিযুক্ত 8 গৰাকীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.