টীয়ক,9 মাৰ্চঃ মঙলবাৰে টীয়কত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ টীয়কৰ বনাই ৰবিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । জানিব পৰা মতে, উক্ত গাঁৱৰ দেৱেন গগৈৰ ৩০ বছৰীয়া পুত্ৰ অজয় গগৈ যোৱা ৫ মাৰ্চত গাঁৱৰ নামঘৰত ভাওনা চাই নিশা ঘৰলৈ উভতি অহা নাছিল ৷ পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰি কোনো সন্ধান লাভ নকৰাত ৭ মাৰ্চত বামুণপুখুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।
উল্লেখযোগ্য যে, মঙলবাৰে পুৱা ৰহস্যজনকভাৱে জাঁজী নদীৰ সমীপৰ এখন হাবিত অজয়ৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । কিন্তু গাঁৱৰ ৰাইজে এয়া এক পৰিকল্পিত হত্যা বুলি সন্দেহ কৰিছে ৷ সেয়ে ইতিমধ্যে টীয়ক আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ আৰএছএছৰ কথা নুশুনা হ'ল বিজেপিয়ে !