ETV Bharat / state

টীয়কত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - dead boy of woman recovered in Teok

টীয়কত পুৱাতেই লাগিল হুৱাদুৱা । টীয়কৰ চেলেংহাটৰ হালোৱা গাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য (Dead body found in Teok)।

deadbody recover in teok
টীয়কত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
author img

By

Published : Apr 3, 2022, 6:37 PM IST

টীয়ক,০৩ মাৰ্চ: টীয়কৰ চেলেংহাট হালোৱা গাঁৱত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (dead boy of woman recovered in Teok)। মৃতদেহটো ডালিম বাগিছাৰ নিয়মীয়া কৰ্মচাৰী চনিয়া ভূমিজৰ বুলি জানিব পৰা গৈছে । পুৱাৰ ভাগত স্থানীয় কোনো ব্যক্তিয়ে ঘৰৰ পৰা কিছু নিলগত মৃতদেহটো পৰি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । ওচৰ চুবুৰীয়াৰ ভাষ্য অনুষৰি শনিবাৰে দিনতে বেংকলৈ গৈছিল মহিলাগৰাকী । বেংকলৈ ওলাই যোৱা মহিলাগৰাকীক ধন লুটৰ উদ্দেশ্যেই কোনো লোকে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

ইফালে উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙিত আঘাটৰ চিন স্পষ্ট । ওচৰ-চুবুৰীয়াৰ ভাষ্যৰ বিপৰীত ভাষ্য পৰিয়ালৰ সদস্যৰ । নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছত ফোনত কথা পাতি ঘৰৰ পৰা ওলাই যোৱাৰ কথা উল্লেখ কৰে পৰিয়াৰ লোকে । তাৰ পাছৰ পৰাই মহিলাগৰাকীৰ কোনো সম্ভেদ পোৱা নাছিল পৰিয়ালৰ লোকে ।

ঘটনাক লৈ সমগ্ৰ অঞ্চল সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত পক্ৰিয়া । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক: তেজপুৰত উদ্ধাৰ 8 টাকৈ শিশু শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.