টীয়ক,23 মে': কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নতুন নিৰ্দেশনা জাৰি কৰাৰ পাচত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷ দুগ্ধ ব্যৱসায়ীসকলো সন্মুখীন হৈছে লোকচানৰ ৷ শেহতীয়াকৈ দিনৰ 11 বজাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আৰু 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰাত নিতৌ শ শ লিটাৰ গাখীৰ পেলাই দিবলগীয়া হৈছে ৰাজ্যৰ দুগ্ধ ব্যৱসায়ীসকলে ৷ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট কোম্পানীতো একে ছবি দেখা গৈছে ৷
ব্যৱসায়িক প্ৰতিস্থানখনৰ লগত জড়িত প্ৰায় 550 টা পৰিয়ালে দৈনিক 800 ৰ পৰা 1,000 লিটাৰ গাখীৰ যোগান ধৰি আহিছিল ৷ সেই গাখীৰেৰে দুগ্ধজাত সামগ্ৰী যেনে দৈ, ক্ৰীম, পেৰা, ঘিউ আদি প্ৰস্তুত কৰি উজনি অসমত এক সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু সাম্প্ৰতিক পৰিৱেশৰ বাবে আংশিক লকডাউন ঘোষণা কৰাত দুগ্ধজাত সামগ্ৰীৰ চাহিদা কমি গৈছে ৷
ক্ৰেতা আৰু বজাৰৰ অভাৱতো প্ৰস্তুত কৰা সামগ্ৰীসমূহ নষ্ট হ'বলৈ ধৰিছে ৷ দেশৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এনে কঠোৰ পদক্ষেপক এইসকল দুগ্ধ ব্যৱসায়ীয়ে সমৰ্থন জনাইছে যদিও ব্যৱসায়ী সকলক কিছু সহায় কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক: আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল