ETV Bharat / state

৭৩ বছৰ বয়সতো দিল্লীলৈ চাইকেল চলাই যোৱা এগৰাকী ব্যক্তি...... - নবীন চন্দ্ৰ দত্ত

২০১৮ চনৰ পৰা চাইকেল চলাই আহিছে নবীন চন্দ্ৰ দত্তই । এনেকৈয়ে চাইকেল চলাই দিল্লীলৈ গৈছিল নবীন চন্দ্ৰ দত্তই । ৰাজ্যৰ মহাবিদ্যালয়ে-মহাবিদ্যালয়ে চাইকেল চলোৱাৰ সজাগতাৰে এইদৰে চাইকেল চলাই আহিছে । তেওঁৰ চাইকেলৰ আগে-পাছে কেইখনমান ফলক লগোৱা আছে ।

৭৩ বছৰ বয়সতো দিল্লীলৈ চাইকেল চলাই যোৱা এগৰাকী ব্যক্তি......

author img

By

Published : Mar 7, 2021, 9:54 PM IST

যোৰহাট, ৭ মাৰ্চ: 'Man is Mortal, soul is immortal. Death is not goal all about our life' অৰ্থাৎ মানুহ পৃথিৱীত জন্ম হৈ মৃত্যু হোৱাটোৱে লক্ষ্য নহয়, ব্যক্তি সত্বা হিচাপে পৃথিৱীত কিবা এটা থৈ যোৱাটোহে মানুহৰ লক্ষ্য । এই বাৰ্তা বুকুত লৈ দিল্লীলৈ চাইকেল চলাই যোৱা এগৰাকী ৭৩ বছৰীয়া প্ৰাপ্ত বয়স্ক লোক । মনত ভৱা কথা বাস্তৱত ৰূপায়িত কৰিব লাগে বুলি কথাষাৰক সাৰোগত কৰি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২০৫ খন মহাবিদ্যালয়লৈ চাইকেল চলোৱা প্ৰাপ্ত বয়স্ক ব্যক্তিগৰাকী হৈছে যোৰহাটৰ ন আলি ঢেকীয়াজুলিৰ নবীন চন্দ্ৰ দত্ত ।

৭৩ বছৰ বয়সতো দিল্লীলৈ চাইকেল চলাই যোৱা এগৰাকী ব্যক্তি......

২০১৮ চনৰ পৰা চাইকেল চলাই আহিছে নবীন চন্দ্ৰ দত্তই । এনেকৈয়ে চাইকেল চলাই দিল্লীলৈ গৈছিল নবীন চন্দ্ৰ দত্তই । ৰাজ্যৰ মহাবিদ্যালয়ে-মহাবিদ্যালয়ে চাইকেল চলোৱাৰ সজাগতাৰে এইদৰে চাইকেল চলাই আহিছে । তেওঁৰ চাইকেলৰ আগে-পাছে কেইখনমান ফলক লগোৱা আছে । এই ফলকত স্পষ্ট উল্লেখ আছে যে চাইকেল কিয় চলাব লাগে ?

চাইকেলত এটা বেগ আৰু কোনোধৰণৰ সহযোগী নোলোৱাকৈ কেৱল স্থানীয় লোকসকলক ভৰসা কৰিয়ে এই যাত্ৰা অব্যাহত ৰাখিছে ব্যক্তিগৰাকীয়ে । তেওঁ য'তেই ৰয় তাতেই চাইকেল চলোৱাৰ সজাগতা সৃষ্টিৰ বাবে বিতৰণ কৰে প্ৰচাৰ পত্ৰিকা । অসমৰ বিভিন্ন মহাবিদ্যালয়ত তেওঁ যুৱ চামৰ মাজত চাইকেল চলোৱাৰ সপক্ষে প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰি আহিছে । উজনি অসমৰ বিভিন্ন মহাবিদ্যালয়ত সজাগতা চলাই এইবাৰ তেওঁ নামনি অসমৰ বিভিন্ন মহাবিদ্যালয়লৈ যাত্রা আৰম্ভ কৰিব । পুৱা নিতৌ দুঘণ্টা খোজ কাঢ়ে ৭৩ বছৰীয়া বৃদ্ধ লোক গৰাকীয়ে । ৭৩ বছৰ বয়সতো নিৰোগী এইগৰাকী ব্যক্তি ।

লগতে পঢ়ক:বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত ব্যাপক গৰাখহনীয়া: শংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.