ETV Bharat / state

ক’ভিড প্ৰট’কল ভংগ কৰি টীয়কত চলিছে মাছৰ বজাৰ

author img

By

Published : May 24, 2021, 11:20 AM IST

ক’ভিড প্ৰট’কল ভংগ কৰি টীয়কৰ মাছৰ বজাৰত ভিৰ ৷ সামাজিক দূৰত্ব বজাই নাৰাখি আৰু মুখত মাস্ক পৰিধান নকৰাকৈ মাছ কিনাত ব্যস্ত একাংশ লোক ৷

covid protocol break in teok fish market
টীয়কৰ মাছৰ বজাৰত ক’ভিড প্ৰট’কল ভংগ

টীয়ক,24 মে’ : এফালে ক’ভিড মহামাৰীৰ সন্ত্ৰাস আৰু আনফালে টীয়কৰ মাছৰ বজাৰত ভিৰ ৷ চৰকাৰে জাৰি কৰা নতুন ক’ভিড নীতিক লৈ যেন সতৰ্ক নহয় এচাম টীয়কবাসী ৷ ক’ভিড প্ৰট’কল ভংগ কৰি যেন মাছ খোৱাৰ বাবেহে আগ্ৰহী একাংশ লোক ৷

টীয়কৰ জাঁজীমুখৰ মাছৰ বজাৰত দেওবাৰে ভিৰ কৰিছে শতাধিক গ্ৰাহকে ৷ সামাজিক দূৰত্ব নমনাকৈ আৰু মুখত মাস্ক পৰিধান নকৰাকৈ একাংশ লোকে মাছ কিনিবলৈ যোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ৷

ইফালে চলিত সময়চোৱাত মাছৰ বংশবৃদ্ধিৰ বাবে কণীযুক্ত মাছ ধৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে মীন বিভাগে । তৎসত্বেও উক্ত বজাৰত মাছ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত নীৰৱ হৈ আছে প্ৰশাসনৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ।

লগতে পঢ়ক : দেৱাংগনা কলিতাক মুক্তিৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.