টীয়ক,5 আগষ্ট: যোৰহাট জিলাৰ টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ বেংকটোৰ ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়া হৈছে বেংকটো ৷ মঙলবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব টীয়কৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখাটো ৷ বৃহৎ চহৰ বা নগৰৰ পৰা ক্ৰমান্বয়ে গাঁও এলেকা সমূহলৈকে বিয়পি পৰিছে কৰ’ণা ভাইৰাছ ৷ টীয়কত অৱস্থিত উক্ত বেংকটোৰ জৰিয়তে দৈনিক বৃহৎ সংখ্যক বিত্তীয় লেনদেন কৰে গ্ৰাহকে ৷ তেনেস্থলত বেংকটোৰ জৰিয়তে কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ তদুপৰি একেটা এলেকাতে থকা ই-কৰ্ণাৰটো বেংক কৰ্তৃপক্ষই বন্ধ কৰি দিয়াই সমস্যাৰ সন্মুখীন হৈছে প্ৰতিগৰাকী গ্ৰাহক ৷
লগতে চাওকঃ কৰ'ণা ভাইৰাছ : দেশৰ ক'ত কেনে পৰিস্থিতি !