যোৰহাট, 5 অক্টোবৰ : আন্দোলনকাৰী মৃত কৃষকৰ ঘৰত খবৰ কৰিবলৈ গৈ আটক হোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত মঙলবাৰে যোৰহাটত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত দেওবাৰে সংঘটিত হিংসাত্মক ঘটনাত চাৰিগৰাকী কৃষকসহ ৯ গৰাকী লোকৰ মৃত্যুৰ হৈছিল ৷ প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা লোকৰ খবৰ ল’বলৈ গৈছিল প্ৰিয়ংকা গান্ধী আৰু তাতে তেওঁক আটক কৰা হয় ৷
প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে যোৰহাটতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । যোৰহাট জিলা কংগ্ৰেছ নেতৃবৃন্দই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে অন্যায়ভাৱে কংগ্ৰেছ নেত্ৰীগৰাকীক আটক কৰাৰ অভিযোগ কৰে ৷ যোগী চৰকাৰে গণতান্ত্ৰিক অধিকাৰ কাঢ়ি এক প্ৰকাৰৰ হিটলাৰী শাসন চলোৱাৰো দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন সাংসদ দীপ গগৈৰ লগতে যোৰহাট কংগ্ৰেছ ভৱনৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ তেওঁলোকে প্ৰতিবাদ সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : লক্ষীমন ধৰ্মৰ বাৰ্ষিক আধ্যাত্মিক সমাৰোহত মুখ্যমন্ত্ৰী