ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ; পল্লৱী গগৈ - সমষ্টি পুনৰ নিৰ্ধাৰণ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সন্তুষ্ট নহয় বিৰোধী ৷ খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈয়ে ৷ এয়া চৰকাৰৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Jun 21, 2023, 6:26 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ; অভিযোগ কংগ্ৰেছৰ

যোৰহাট, 21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈয়ে ৷ বুধবাৰে টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত নেত্ৰীগৰাকী উপস্থিত হৈ এয়া শাসকীয় দলৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰে মিলি সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত কংগ্ৰেছ, অগপক ধূলিস্যাৎ কৰা ষড়যন্ত্ৰ ৰচিছে বুলি মন্তব্য কৰে ৷

টীয়ক সমষ্টিটো বৰ্তমান এটা দ্বীপত পৰিণত হৈছে বুলি উল্লেখ কৰি নতুন টীয়ক সমষ্টিৰ মানচিত্ৰ প্ৰস্তুত কৰাক লৈ আশংকা ব্যক্ত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ লগতে সম্পাদিকাগৰাকীয়ে নিৰ্বাচন আয়োগে অনভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে এইদৰে বিভিন্ন বিসংগতিৰ সৃষ্টি হৈছে আৰু এনে খচৰা চূড়ান্ত হ’লে সমষ্টিবাসী বাৰুকৈ অসুবিধাত পৰিব বুলি শংকা প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে কংগ্ৰেছৰ এক গোচৰৰ ভিত্তিত আদালতত এই সম্পৰ্কত বিচাৰ চলি থকাৰ পাচতো নিৰ্বাচন আয়োগে নীতি বৰ্হিভূতভাৱে খচৰা প্ৰকাশ কৰা কাৰ্যত ৰহস্যৰ গোন্ধ পাইছে বুলি মন্তব্য কৰি অনতি পলমে সমষ্টিবাসীৰ সৈতে আলোচনা কৰি পুনৰ বিবেচনা কৰিবলৈ আয়োগলৈ আহ্বান জনায় পল্লৱী গগৈয়ে ৷

এই খচৰাৰ বিৰুদ্ধে অতি শীঘ্ৰে দলৰ কৰ্মকৰ্তাৰ লগত আলোচনা কৰি ইয়াৰ বিপক্ষে আবেদন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে নেত্ৰীগৰাকীয়ে ৷ লগতে বিৰোধী তথা আঞ্চলিকতাবাদ শেষ কৰাৰ এই ষড়যন্ত্ৰ কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলিও প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী গগৈয়ে মন্তব্য কৰে ৷ এই ক্ষেত্ৰত দল সংগঠন তথা ৰাইজক সৰৱ ভূমিকা ল’বলৈয়ো তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক: Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.