ETV Bharat / state

যুৱকৰ বিৰুদ্ধে কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰৰ অভিযোগ - ডঃ হিমন্ত বিশ্ব শৰ্মা

পুনৰ খবৰৰ চৰ্চাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ চিকিৎসালয় খনত কৰ্তব্যৰত এগৰাকী চিকিৎসকক এগৰাকী যুৱকে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ঈষাণজ্যোতি শইকীয়া নামৰ যুৱকজনক ৷

Complaint of beating of a doctor on duty against a youth jorhat assam etv bharat news
যুৱকৰ বিৰুদ্ধে কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰৰ অভিযোগ
author img

By

Published : Sep 13, 2020, 9:15 AM IST

যোৰহাট,13 ছেপ্তেম্বৰ: আৰক্ষীৰ জালত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকক প্ৰহাৰ কৰা যুৱক ৷ ধৃত যুৱকজনৰ নাম ঈষাণজ্যোতি শইকীয়া ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে পুৱা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল যুৱকজনৰ পিতৃ অৰূপ শইকীয়াক ৷ ব্যক্তিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কিছুসময় পিছতে কৰুণ মৃত্যুক সাৱটি লয় অৰূপ শইকীয়া নামৰ ব্যক্তিজনে ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ অভিযোগ অনুসৰি, চিকিৎসকৰ হেমাহিৰ বাবে মৃত্যু মুখত পৰে যুৱকজনৰ পিতৃ অৰূপ শইকীয়া ৷ যুৱকজনে এই ঘটনা সন্দৰ্ভত কৰ্তব্যৰত চিকিৎসক দ্বীপজ্যোতি শইকীয়াক শাৰিৰীক ভাৱে অপদস্থ কৰাৰ এক অভিযোগ উত্থাপন কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ যুৱকজনৰ বিৰুদ্ধে যোৰহাট আৰক্ষী চকীত ১৯২৮/২০২০ নম্বৰত এক জামিন বিহীন গোচৰ ৰুজু কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ উক্ত এজাহাৰৰ ভিত্তিত ঈষাণজ্যোতিক আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷

আৰক্ষীৰ ভাষ্য

উল্লেখ্য যে,উক্ত ঘটনা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে যুৱকজনক আটকৰ খবৰ ৷

  • Unfortunate that Dr Deepjyoti Saikia, Registrar of Medicine, JMCH was beaten by an attendant in #COVID ICU today. Dr Saikia is one of the 3 doctors who're available 24×7 for all COVID services. @Jorhat_Police acted swiftly; arrested accused Ishaanjyoti Saikia & Ishwarjyoti Saikia pic.twitter.com/ZbIvCVswfE

    — Himanta Biswa Sarma (@himantabiswa) September 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তদুপৰি ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰাও স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰাৰ কথা জানিব পৰা গৈছে ৷

অভিযুক্তৰ ভাষ্য

লগতে চাওকঃ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.