ETV Bharat / state

Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ আগমনক লৈ উজনি নামনিৰ যোগাযোগ বিচ্ছিন্ন

author img

By

Published : Feb 26, 2022, 3:10 PM IST

Updated : Feb 26, 2022, 3:58 PM IST

বন্ধ হ’ল উজনি-নামনিৰ যোগাযোগ ব্যৱস্থা (Communication cut off due to presidents arrival) ৷ ক্ষুব্ধ উজনি-নামনিৰ বহু যাত্ৰী ৷ যোৰহাটৰ আই এচ বি টিত হঠাৎ অৰাজক পৰিস্থিতি যাত্ৰীৰ মাজত ৷ পৰিবহন নিগমৰ বিষয়াইও নাজানে কেতিয়ালৈকে বন্ধ থাকিক পৰিবহন নিগমৰ বাহন ৷

অসমত উপস্থিত হ’ল দেশৰ প্ৰথমগৰাকী নাগৰিক
অসমত উপস্থিত হ’ল দেশৰ প্ৰথমগৰাকী নাগৰিক

যোৰহাট, 26 ফেব্ৰুৱাৰী : শুকুৰবাৰে অসমত উপস্থিত হ’ল দেশৰ প্ৰথমগৰাকী নাগৰিক (Ram Nath Kovind Assam Visit) ৷ দেশৰ প্ৰথমগৰাকী নাগৰিক অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক আদৰিবলৈ ব্যস্ত হৈ পৰিল অসম চৰকাৰ ৷ কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বহু বিশৃংখল পৰিস্থিতিৰ ৷ ফলত বিশেষকৈ হাহাকাৰ লাগিছে বাহনেৰে যাত্ৰা কৰা উজনি নামনিৰ যাত্ৰীসকলৰ ৷

শনিবাৰে কাজিৰঙাৰ মাজেৰে বন্ধ কৰি দিয়া হৈছে সকলো গাড়ীৰ চলাচল (Communication cut off due to presidents arrival)। ৰাষ্ট্ৰপতিৰ আগমনৰ বাবেই উজনি-নামনিৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । ফলত কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিব লগা বাহনসমূহ বিভিন্ন স্থানত হৈ পৰিছে আৱদ্ধ । জানিব পৰা মতে, উজনিৰ যোৰহাটতে ৰখাই দিয়া হৈছে নামনিমুৱা যান-বাহনসমূহ ।

ৰাষ্ট্ৰপতিৰ আগমনক লৈ উজনি নামনিৰ যোগাযোগ বিচ্ছিন্ন

এনে অৱস্থাত যোৰহাটৰ আই এচ বি টিত সৃষ্টি হৈছে এক অৰাজক পৰিস্থিতিৰ ৷ ফলত এতিয়া যাত্ৰীৰ মাজতো লাগিছে হাহাকাৰ । যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত ক্ষুব্ধ হৈ পৰিছে যাত্ৰীসকল ৷

কিয়নো কোনো আগ জাননি নিদিয়াকৈ অকস্মাৎ বন্ধ কৰি দিয়া হৈছে নামনিমুৱা গাড়ীসমূহ ৷ ফলত ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা অহা যাত্ৰী আবদ্ধ হৈছে যোৰহাটৰ আই এচ বি টিত ৷ ইফালে পৰিবহণ নিগমৰ বিষয়াইও নাজানে যানবাহন পুনৰ কেতিয়ালৈ চলিব ৷ তেওঁলোকৰ হাততো নাই কোনো সঠিক তথ্য ৷

লগতে পঢ়ক : Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন

Last Updated : Feb 26, 2022, 3:58 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.