যোৰহাট, 6 ছেপ্টেম্বৰ : পুনৰ প্ৰাণ পাই উঠিছে ৰাজ্যৰ মহাবিদ্যালয় সমুহে । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ দিনটোত ক'ভিডৰ নীতি-নিয়ম সমূহ পালন কৰি ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় সমূহ পুনৰ খুলি দিয়া হ’ল । সোমবাৰৰে পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান বহু দিনৰ বিৰতিৰ পাছত ক'ভিড নীতি নিয়ম অৱলম্বন কৰি আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । এই উপলক্ষে পুনৰ ছাত্ৰ-ছাত্ৰীৰ কোলাহলত মুখৰিত হোৱা দেখা গৈছে ৰাজ্যৰ সকলো প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয় সমূহ ।
সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰো বহু কেইখন মহাবিদ্যালয়ে পুনৰ প্ৰাণ পাই উঠিল সোমবাৰৰ দিনটোত ৷ আন আন মহাবিদ্যালয় সমূহৰ লগতে যোৰহাটৰ বাহনা মহাবিদ্যালয়তো অনুৰূপ ধৰণে বিৰাজ কৰা দেখা গ’ল এক আনন্দ মুখৰ পৰিৱেশ । শিক্ষা জীৱনৰ গতি স্থবিৰ হৈ পৰা সদৃশ পৰিৱেশৰ পৰা পুনৰ যেন এক নতুন জীৱন ঘূৰাই পালে শিক্ষাৰ্থী সকলে ৷
ইয়াৰ লগতে পাঠদানৰ পূৰ্বেই মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱা হৈছে ৷ ছাত্ৰ-ছাত্ৰী সকলেও মুখত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মনাৰ লগতে সকলো ক’ভিড বিধি অৱলম্বন কৰা পৰিলক্ষিত হৈছে । ইফালে, প্ৰথম দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিত যথেষ্ট কম হোৱাৰ কথাও অৱগত কৰিলে মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷
স্মৰ্তব্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা প্ৰায় ৬ টা মাহ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল ৷ ক'ভিডৰ প্ৰকোপ কিছু কমাৰ পাছত ৰাজ্য চৰকাৰে শিথিলতা আনি খুলি দিছে শিক্ষানুষ্ঠানসমূহ ৷ অৱশ্যে দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়তহে শ্ৰেণীসমূহ আৰম্ভ হৈছে এই পাঠদান ৷ যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়তো সোমবাৰৰ পৰা এইদৰে আৰম্ভ কৰা কৰা হ’ল নিয়মীয়া পাঠদান ৷
লগতে পঢ়ক : ৬৫০ কোটি টকা কাগজ কল কৰ্মচাৰীৰ প্ৰাপ্য; চৰকাৰৰ বদান্যতা নহয় : প্ৰদ্যুৎ বৰদলৈ