ETV Bharat / state

CM in Jorhat: বন্দুকৰ শব্দ, প্ৰতিবাদ, ধৰ্ণাই কেতিয়াও উন্নয়ন আনিব নিদিয়ে: মুখ্যমন্ত্ৰী - Lakhimpur Majuli bridge

বৃহস্পতিবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ(Jorhat Sports Association) খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বাবে ৮৫৭ কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

CM in Jorhat
বন্দুকৰ শব্দ, প্ৰতিবাদ, ধৰ্ণাই কেতিয়াও উন্নয়ন আনিব নিদিয়ে: মুখ্যমন্ত্ৰী
author img

By

Published : Dec 15, 2022, 9:47 PM IST

Updated : Dec 15, 2022, 9:53 PM IST

যোৰহাট, 15ডিচেম্বৰ: "আন্দোলনে উন্নয়নৰ পৰিৱেশত বাধা আনে, ৰাজ্যৰ যি উন্নয়নৰ পৰিৱেশ সেয়া আন্দোলন বৰ্জিত পৰিবেশৰ বাবে সম্ভৱ হৈছে, বন্দুকৰ শব্দ, প্ৰতিবাদ, ধৰ্ণাই কেতিয়াও উন্নয়নৰ পৰিবেশ আহিব নিদিয়ে" - যোৰহাট জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ অধীনত বিভিন্ন প্ৰকল্পৰ ভূমিপূজন কৰি ৰাজহুৱা সভাত এই দৰেই কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷

বৃহস্পতিবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ(Jorhat Sports Association) খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বাবে ৮৫৭ কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM development programme) ।

বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয় যে, ‘‘আমাৰ মূল লক্ষ্য হৈছে অসমৰ সৰ্বাংগীন উন্নয়ন সাধন (Development in all aspects) ৷ যোৱা ডেৰটা বছৰে পৰিকল্পিত ভাৱে নিয়াৰিকৈ অসমৰ সমাজ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছোঁ । আজি ১৫ দিনত আমি ১৫ হাজাৰ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছোঁ ।’’

তেওঁ লগতে কয়, ‘‘অহা জানুৱাৰী মাহৰ পৰাও আমি অসমৰ আন জিলা সমূহত এনেধৰণৰ পষেকৰ কাৰ্যসূচী আৰম্ভ কৰিম । এনে উন্নয়নমূলক কাম দেখি মানুহে আমাক প্ৰশ্ন কৰে যে, আগৰ চৰকাৰৰ দিনত যদি ইমান টকা নাছিল কিন্তু আজি সেই টকা কৰ পৰা আহিল । মানুহে কেতিয়াবা অবিশ্বাস কৰে, কেতিয়াবা সন্দেহ কৰে । কিন্তু মোৰ উত্তৰ এটাই, যে আমাৰ ৰাজ্যখনত কাম কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। অসমক মৰম কৰা আৰু অসমক চেনেহৰ দৃষ্টিৰে চোৱা বহু মানুহ আমাৰ সমাজত আছে।’’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘অসমৰ উন্নয়ন অৰ্থে কাম কৰাৰ এক দৃঢ় সংকল্প আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(PM Narendra Modi) । কিন্তু উন্নয়নৰ পৰিৱেশ আমি নিৰ্মান কৰিব লাগিব । যদি ৰাজ্যত বন্দুকৰ শব্দ দিনে ৰাতিয়ে শুনে, ধৰ্ণা-ধৰ্মঘটৰ ধ্বনি যদি অনবৰতে শুনা পাওঁ, সেই ৰাজ্যত কেতিয়াও উন্নয়ন আহিব নোৱাৰে । যোৱা ডেৰটা বছৰ অসমৰ ৰাইজে আমাক এটা পৰিবেশ দিছে । ৰাইজে আন্দোলন বিবৰ্জিত পৰিৱেশ এটা ৰাজ্যখনত নিৰ্মান কৰিছে আৰু অসমৰ ৰাইজে নিৰ্মান কৰা এই সুন্দৰ পৰিবেশৰ সুযোগ লৈ আমি আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ এক গঙ্গা নমাই আনিবলৈ প্ৰয়াস কৰিছোঁ ।’’

এই প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ‘‘আমি যোৱা ৩০ টা বছৰ ধৰ্ণা কৰিলোঁ, ধৰ্মঘট কৰিলোঁ, আন্দোলন কৰিলোঁ । কিন্তু একো নাপালোঁ । কিন্তু আজি যেতিয়া আমি এটা আন্দোলন বিবৰ্জিত পৰিবেশত থিয় দিছোঁ , চৌ দিশে উন্নয়নৰ কাম আৰম্ভ হৈছে । এফালে যোৰহাট মাজুলী দলঙৰ কাম আৰম্ভ হৈছে আৰু একেসময়তে মাজুলীৰ পৰা লখিমপুৰলৈ দলঙৰ কামো আৰম্ভ হৈছে(Lakhimpur-Majuli bridge) । যি কাম আমি কিছুদিন আগলৈকে কল্পনা কৰিব পৰা নাছিলোঁ । এই পৰিৱেশ আন্দোলনে দিয়া নাই । আন্দোলন বিবৰ্জিত এটা পৰিৱেশেহে এই উন্নয়ন আমাক দিছে ।’’

মুখ্যমন্ত্ৰীগৰাকী মন্তব্য, ‘‘আমি চেষ্টা কৰিছোঁ গহপুৰ-গোলাঘাটৰ মাজতো এখন দলং হওক । এই কাম সমূহৰ পৰিকল্পনা আমি সেই মুহূৰ্তলৈকে কৰি থাকিব পাৰিম, যি মুহূৰ্তলৈকে অসমৰ পৰিচয় বন্দুকৰ লগত নাথাকে, ধৰ্ণা, ধৰ্মঘটৰ লগত নাথাকে । যোৱা ডেৰটা বছৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমি সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছোঁ । আজি প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সমগ্ৰ চৰকাৰখনক ৰাইজৰ দুৱাৰ দলিলৈ অনাৰ প্ৰচেষ্টা আৰু প্ৰয়াস কৰা হৈছে ।’’

ইয়াৰ লগতে কয় যে, ‘‘যোৱা নিৰ্বাচনৰ সমযত আমি ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছোঁ । নিৰ্বাচনৰ সময়ত আমি এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ । আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ । আমি কোনো দুৰ্নীতিৰ আশ্ৰয় নোলোৱাকৈয়ে ইতিমধ্যেই ৪০ হাজাৰ চাকৰিত নিযুক্তি দিছোঁ । আৰু ৩০ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰা হব আৰু অতি সোনকালে নতুন ৩০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰা হব । যাতে এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দুই তিনিমাহৰ ভিতৰত পূৰণ কৰিব পাৰোঁ ।’’

‘‘আমাৰ ৰাজ্য খনক ভাৰতৰ শ্ৰেষ্ঠ পাঁচ খন ৰাজ্যৰ ভিতৰত স্থান দিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ । ২০২৩ বৰ্ষতো আমি শিক্ষাৰ বাবে উৎসৰ্গিত এটা বৰ্ষ হিচাপে পালন কৰিব বিচাৰিছোঁ । আমাৰ যিমান সমূহ হাইস্কুল আছে , প্ৰতিখন হাইস্কুলক পর্যায়ক্ৰমে আমি ৭/৮ কোটি টকাকৈ আগবঢ়াই উন্নতি সাধন কৰিব বিচাৰিছোঁ ।’’

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সমূহৰ সন্দৰ্ভত উল্লেখ কৰাৰ লগতে যোৰহাটৰ ঐতিহ্য, পৰম্পৰা সম্পৰ্কে উল্লেখ কৰে ।

যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীয়ূষ হাজৰিকা, শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবেন ভঁৰালী প্ৰমুখ্যে জিলা বিজেপিৰ বিষয় ববীয়া সকল ।

উল্লেখযোগ্য যে, আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিশাল জনসভাত মুঠ ১৭ টা প্ৰকল্পৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কাৰ্য ৰূপায়ণ কৰে ।

লগতে পঢ়ক: Lachit Memorial and Cultural Project : দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প: মুখ্যমন্ত্ৰী

Last Updated : Dec 15, 2022, 9:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.