ETV Bharat / state

Jorhat district establishment day:সামৰণি পৰিল যোৰহাট জিলা দিৱসৰ

author img

By

Published : Jul 1, 2023, 8:33 PM IST

যোৰহাট জিলাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় যোৰহাট জিলা দিৱস ৷ ১৯৮৩ চনৰ ১ জুলাইত যোৰহাটক জিলা হিচাপে ঘোষণা কৰা হৈছিল ৷ ৪০ বছৰীয়া হ'ল যোৰহাট জিলা ।

Jorhat district establishment day
যোৰহাট জিলা দিৱসৰ সামৰণি

যোৰহাট জিলা দিৱসৰ সামৰণি

যোৰহাট, ১ জুলাই : তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত যোৰহাট জিলা দিৱসৰ আজি সামৰণি পৰিল। এই দিৱসৰ জৰিয়তে জিলাবাসীয়ে জিলাখনৰ ইতিহাস আৰু বৰ্তমান সম্পৰ্কে জানিব পাৰিব বুলি মন্তব্য় কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত আয়োজিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা এই পদক্ষেপৰ জৰিয়তে এখন জিলাৰ ইতিহাস,বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে জিলাবাসীয়ে জানিব পাৰিব। লগতে জিলাখনৰ পৰিকল্পনা সমূহ ৰাইজে বুজিবলৈ সক্ষম হ'ব বুলিও তেওঁ কয় ।

আজি জিলা দিৱসৰ এই কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰা কৃতি শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনাই মন্ত্ৰী অজন্তা নেওগে । উল্লেখযোগ্য যে, উক্ত দিৱসৰ লগত সংগতি ৰাখি যোৰহাট কছাৰী ময়দানৰ পৰা সকলো জাতি জনগোষ্ঠীৰ বাৰেৰহনীয়া এক সাংস্কৃতিক শোভাযাত্ৰা নগৰ মাজেৰে উলিওৱা হয় । আজি পুৱা ভাগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জিলাবাসীয়ে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি অংশগ্ৰহণ কৰে ।

আনহাতে, আজিৰ জিলা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি আয়ুক্ত পুলক মহন্তই কয় যে যোৰহাট ৰাইজ অসম ভিতৰত লেখত ল'বলগীয়া । জিলা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা আঁচনি সমূহৰ বিষয়ে আৰু উক্ত আঁচনি সমূহ লাভ কৰিছে নে সেই বিষয়ে গাঁৱৰ শেষ ঘৰলৈকে যোৱা হ'ব । যোৰহাট দিৱস শেষ দিনাৰ কাৰ্যসূচীত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভাস্কৰ বৰুৱা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীসহ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য় যে ১৯৮৩ চনৰ ১ জুলাইৰ দিনটোতে অবিভক্ত শিৱসাগৰ জিলা পৰা পৃথক হৈ এখন সুকীয়া জিলাৰ জন্ম হৈছিল আৰু সেই জিলাখনেই হ'ল বৌদ্ধিক চিন্তাৰ প্ৰাণকেন্দ্ৰ আৰু যোৰহাট । শনিবাৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি আয়োজিত যোৰহাট জিলা দিৱসৰ সমাপ্তি ঘটিল ।

লগতে পঢ়ক:Dhubri district establishment day:দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.