ETV Bharat / state

ক’ভিড প্ৰট’কল মানি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত পাঠদান আৰম্ভ

ৰাজ্য চৰকাৰৰ নিৰ্দেশানুসাৰে অন্য শিক্ষানুষ্ঠানৰ লেখীয়াকৈ টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়তো(Chandra Kamal Bezbaruah College) সোমবাৰৰ পৰা আৰম্ভ হৈছে নিয়মীয়া পাঠদান ৷ ক’ভিড প্ৰট’কল(Covid Protocol) মানি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ কলা, বাণিজ্য শাখা আৰু দুয়োটা শাখাৰে পঞ্চম ষান্মাষিকৰ পাঠদান আৰম্ভ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

classes-have-started-at-ckbc-college
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত পাঠদান আৰম্ভ
author img

By

Published : Sep 6, 2021, 1:38 PM IST

টীয়ক, 6 ছেপ্তেম্বৰ : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা ক’ভিড(Covid) নীতি-নিৰ্দেশনা মানি পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ পাঠদান ৷ ছাত্ৰ-ছাত্ৰীৰ কোলাহলত মুখৰিত হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ বাকৰি ৷ শিক্ষানুষ্ঠানসমূহ খোলাৰ পৰিপ্ৰেক্ষিতত পুনৰ ব্যস্ত হৈ পৰিব শিক্ষানুষ্ঠানৰ প্ৰাংগণ, শ্ৰেণীকোঠা আৰু কাৰ্যালয় ৷

টীয়কস্থিত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়তো(Chandra Kamal Bezbaruah College) চৰকাৰে জাৰি কৰা ক’ভিড নীতি-নিয়ম পালন কৰি আৰম্ভ হৈছে নিয়মীয়া পাঠদান । ইতিমধ্যে ভেকচিন(Vaccine) লোৱা শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা, কাৰ্যালয়, প্ৰাংগণ আদি সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে ।

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত পাঠদান আৰম্ভ

আনহাতে, মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ-ছাত্ৰীসকলক হেণ্ড চেনিটাইজ কৰোৱা হৈছে, মুখত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সকলো ক’ভিড বিধি অৱলম্বন কৰিবলৈ ইতিমধ্যে শিক্ষক-কৰ্মচাৰীৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক বাধ্য কৰাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: COVID SITUTION: আৰম্ভ বিদ্যালয়ৰ নিয়মিত পাঠদান

মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ কলা, বাণিজ্য শাখা আৰু দুয়োটা শাখাৰে পঞ্চম ষান্মাষিকৰ পাঠদান সম্পূৰ্ণভাৱে নিয়মীয়াকৈ আৰম্ভ হৈছে ৷ ইতিমধ্যে এই দুটা বৰ্ষৰ মহাবিদ্যালয়খনৰ প্ৰায় 80 শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ভেকচিন গ্ৰহণ কৰা বুলি তেওঁ সদৰী কৰে ৷

উল্লেখ্য যে, ক’ভিড মহামাৰীৰ বাবে মাহৰ পাছত মাহ ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত যথেষ্ট অসুবিধা আৰু লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰী । শেহতীয়াকৈ চৰকাৰে জাৰি কৰা নতুন SOPত ক’ভিড নীতি মানি পাঠদান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়তে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক: চাকৰি দিয়াটো নহয় শিক্ষা দিয়াটোহে শিক্ষা বিভাগৰ মূল কাম : ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.